গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ঘৰুৱা অসুবিধাৰ বাবে জগদীশে এৰিছিল বক্সিং।জীৱন সংগ্ৰামত তেওঁ বাচি ল'লে ড্ৰাইভাৰৰ জীৱিকা।
জীৱিকা সলনি হ'লেও বক্সিঙৰ প্ৰতি তেওঁৰ আছে গভীৰ অনুৰাগ ।জগদীশে তেওঁৰ তিনি পুত্রক নাম ভৰ্তি কৰাইছে বক্সিঙত।
পিতৃৰ আধৰুৱা সপোন পূৰণ কৰিছে পুত্র আকাশে ।
হয় ,এই গৰাকী গুৱাহাটীৰ প্ৰাক্তন বক্সাৰৰ নাম হৈছে জগদীশ বৰ্মন ।বুকুত বক্সাৰ হোৱাৰ এহেজাৰ সপোন বান্ধি ২০০৪ চনত ভৰি দিছিল গুৱাহাটীৰ কছাৰীবস্তিত অৱস্থিত "উলুবাৰী বক্সিং ক্লাব"ত।কিন্তু, ঘৰুৱা অসুবিধাৰ বাবে ২০০৭ চনতেই ত্যাগ কৰিবলগা হয় বক্সিং।তেতিয়াই জগদীশৰ বক্সিং কেৰিয়াৰত পৰিছিল যৱনিকা।সময় বাগৰাৰ লগে লগে জীৱিকাৰ সন্ধানত জগদীশ হৈ পৰিল এগৰাকী ড্ৰাইভাৰ।
কিন্তু পেছাত এগৰাকী ড্ৰাইভাৰ হ'লেও বক্সিঙৰ প্ৰতি তেওঁৰ হৃদয়ৰ কোণত আছে গভীৰ অনুৰাগ।সেই অনুৰাগৰ পম খেদি এটা সময়ত জগদীশে তিনি পুত্র ক্ৰমে -জগনাথ বৰ্মন, আকাশ বৰ্মন আৰু মানৱ বৰ্মনক বক্সিঙত নামভৰ্তি কৰাই দিলে ।
জগদীশৰ দ্বিতীয় পুত্র আকাশ বৰ্মনে শেষতীয়াকৈ পঞ্জাৱত অনুষ্ঠিত "পঞ্চম সংখ্যক ১৫ অনুৰ্ধ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ"ত ৰূপ দখলেৰে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ। পিতৃ-এ এৰি যোৱা সেই "উলুবাৰী বক্সিং ক্লাব"ৰ পৰাই বিগত ২০২২ চনত আকাশৰ আৰম্ভ হৈছিল বক্সিং কেৰিয়াৰ ।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত পুত্র আকাশে পদক অৰ্জন কৰাৰ পাছত অলপ হ'লেও আধৰুৱা সপোন পূৰণ হোৱা যেন অনুভৱ হৈছে পিতৃ জগদীশ বৰ্মনৰ।
ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপজয়ী আকাশে "উলুবাৰী বক্সিং ক্লাব"ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিলেও বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে কোকৰাঝাৰ ছাইত।ছাইলৈ যোৱাৰ পূৰ্বে আকাশৰ সৈতে ছাঁটোৰ দৰেই লাগি থাকে আইতাক অনিমা বৰ্মন ।
বয়সৰ প্ৰত্যাহ্বান নেওচি নাতিৰ প্ৰতি থকা মৰম এৰাব নোৱাৰি য'তেই খেলা হয় ,তাতেই উপস্থিত হয় আইতাক।
কোকৰাঝাৰলৈ গুচি যোৱা পাছত বুকুখন উকা হ'লেও, শেষতীয়াকৈ নাতি আকাশৰ সাফল্যত আৱেগিক হৈ পৰিল আইতাক অনিমা বৰ্মন ,,,,
আকাশ বৰ্মনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপ জয় কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে "উলুবাৰী বক্সিং ক্লাব"ৰ প্ৰতিগৰাকী বিষয়-ববীয়া ।
যোৱা ৪ জুলাইত ৰূপজয়ী আকাশক "উলুবাৰী বক্সিং ক্লাব"ৰ তৰফৰ পৰা জনালে সম্বৰ্ধনা।
জগদীশ বৰ্মনৰ পাছত "উলুবাৰী বক্সিং ক্লাব"ৰ সৈতে কিদৰে আকাশ জড়িত হৈ পৰিল সেই বিষয়ে জনালে ক্লাবৰ সভাপতি মণিকা বড়ো-এ,।
আকাশৰ এই সাফল্যমণ্ডিত আনন্দ প্ৰকাশ কৰে "উলুবাৰী বক্সিং ক্লাব"ত আকাশৰ প্ৰথম প্ৰশিক্ষক প্ৰাণজিৎ দত্তই ।
আকাশৰ এই ধাৰাবাহিকতা অব্যাহত থাকিলে আগন্তুক সময়ত তেওঁ এদিন ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আশাবাদী প্ৰশিক্ষক গৰাকী।
উল্লেখ্য যে, "পঞ্চম সংখ্যক ১৫ অনুৰ্ধ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ"ত ৫ টাকৈ বাউট খেলি আকাশ লাভ কৰে এই সফলতা।
চণ্ডিগড়, হিমাচল প্ৰদেশ, তামিলনাডু, দিল্লী আৰু ৰাজস্থান আদি ৰাজ্যৰ খেলুৱৈৰ বিৰুদ্ধে ৰিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় অসম সন্তান আকাশ বৰ্মনে।কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় পদক লাভ কৰি আনন্দিত ছাব-জুনিয়ৰ পৰ্যায়ৰ বক্সাৰ আকাশ।


0 Comments