অসম প্ৰিমিয়াৰ লীগঃঅধিনায়ক স্বৰূপমৰ অনবদ্য ইনিংছৰে প্ৰথম জয় যোৰহাট ষ্টেলিয়নছৰ

August 6, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অধিনায়ক স্বৰূপম পুৰকায়স্থৰ বিস্ফোৰক অভিলেখৰ অপৰাজিত ইনিংছৰ সহায়ত যোৰহাট ষ্টেলিয়নছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] প্ৰথম জয় সাব্যস্ত কৰিছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ৮ উইকেটত পৰাস্ত কৰে লীগৰ প্ৰথম দুখন মেচত অপৰাজিত থকা বৰাক লিজেণ্ডছক৷ বিজয়ৰ নায়ক স্বৰূপম মাত্ৰ এক ৰাণৰ বাবে এ পি এলত প্ৰথম শতক অৰ্জন কৰা ক্ৰিকেটাৰ হোৱাৰ গৌৰৱৰ পৰা বঞ্চিত হয়৷

আকৰ্ষণীয় মেচখনত বৰাক লিজেণ্ডছে দিয়া ১৭১ ৰাণৰ বিজয়লক্ষ্য যোৰহাট ষ্টেলিয়নছে ১৮.২ অভাৰতে দুটা উইকেটত ১৭৪ ৰাণ কৰি সহজতে পূৰ্ণ কৰে৷ যোৰহাটৰ দুই অপেনাৰ স্বৰূপম আৰু উইকেটৰক্ষক বেটাৰ এৰিক ৰয়ে বিস্ফোৰক বেটিং কৰি ইনিংছৰ প্ৰত্যাশিত আৰম্ভণি কৰে৷ উভয় বেটাৰে প্ৰতিটো বলতে শ্বট মাৰি বিপক্ষৰ বলাৰক বিধ্বস্ত কৰাৰ লগতে পাৱাৰ প্লেত এ পি এলৰ সৰ্বাধিক ৬১ ৰাণ সংগ্ৰহ কৰে৷ আঠ অভাৰত ৮২ ৰাণৰ [৪৯ বল] অপেনিং যুটি হোৱাৰ পাছত এৰিক ৪১ ৰাণত আউট হয়৷ তেওঁৰ ২৬ বলৰ ইনিংছত আছিল দুটা ছিক্সাৰ আৰু পাঁচটা বাউণ্ডেৰী৷

এৰিকৰ বিদায়ৰ পাছতো যোৰহাটৰ ৰাণৰ গতি থমকি ৰোৱা নাছিল৷ অভিজ্ঞ স্বৰূপমে দৃষ্টিনন্দন বেটিং ধাৰা অব্যাহত ৰাখি ২৬ টা বলত এ পি এলৰ দ্ৰুত অৰ্ধশতকটো অৰ্জন কৰে৷ আনহাতে, ৰাজবিৰ সিঙৰ [২০] লগত দ্বিতীয় উইকেটত ৬০ টা বলত ৮৩ ৰাণৰ যুটি বান্ধি দলক বিজয়লক্ষত উপনিত কৰায়৷ ৫৮ টা বল খেলা স্বৰূপমে ১১ টা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰসহ ৯৯ ৰাণ কৰি এ পি এলত শ্ৰেষ্ঠ ব্যক্তিগত ৰাণ কৰা বেটাৰৰূপে পৰিগনিত হয়৷

ইয়াৰপূৰ্বে টছত জয়ী হৈ বৰাক লিজেণ্ডছৰ অধিনায়ক শিৱ শংকৰ ৰয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়৷ দলক অপেনাৰদ্বয় বিশাল সাহা আৰু অমন সিঙে সুন্দৰ আৰম্ভণি দিয়ে৷ উভয় বেটাৰৰ মাজত প্ৰথম উইকেটত ৭০ ৰাণৰ যুটি হয়৷ ২৬ বলত দুটা ছিক্সাৰসহ ২৯ ৰাণ কৰি অমন আউট হয় যদিও বিশালে অধিনায়ক শিৱ শংকৰৰ লগত মিলি পুনৰ দ্বিতীয় উইকেটত ৭১ ৰাণৰ যুটি বান্ধে৷ ৬০ বলত চাৰিটা ছিক্সাৰ আৰু সমসংখ্যক বাউণ্ডেৰীৰে ইনিংছ সজোৱা বিশালে ৭১ ৰাণত পেভিলিয়নমুখি হয়৷

উল্লেখ্য যে স্বৰূপমৰ ইনিংছৰ পূৰ্বে বিশালেই এ পি এলত সৰ্বাধিক ব্যক্তিগত ৰাণ কৰাৰ অভিলেখ গঢ়িছিল৷ অৱশ্যে ১৫১ ৰাণ কৰি কমলা টুপীৰ দৌৰত শীৰ্ষত আছে বিশাল৷ ইনিংছৰ শেষৰফালে শিৱ শংকৰে বিস্ফোৰক বেটিঙৰে ২৬ টা বলত তিনিটা ছিক্সাৰসহ ৪৫ ৰাণ কৰাৰ বিপৰীতে চাৰিটা বল খেলা সৌৰভ দে দুটা বিশাল ছিক্সাৰ মাৰি ১৪ ৰাণত অপৰাজিত থাকে৷ ২০ অভাৰত বৰাক লিজেণ্ডছে চাৰি উইকেটত ১৭০ ৰাণ কৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ শুক্ৰবাৰে দিনৰ ২ হ’বলগা প্ৰথমখন খেলত বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছৰ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত চৰাইদেউ ছানৰাইজাৰ্ছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *