গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
১ আগষ্টৰ পৰা গুৱাহাটীত "১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল"।উদ্বোধনী মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চি বনাম বড়োলেণ্ড এফ চি ।বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব "ডুৰাণ্ড কাপ"ৰ মেচ।গুৱাহাটীত "ডুৰাণ্ড কাপ"ৰ ট্ৰফী মুকলি অনুষ্ঠানত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী।
কাউন্ট ডাউন আৰম্ভ।অহা ১ আগষ্টৰ পৰা মহানগৰীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বৰ তৃতীয় তথা এছিয়াৰ সবাটোতকৈ পুৰণি প্ৰতিযোগিতা "ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা" ।দুটা ছিজনৰ বিৰতিৰ পাছত এইবাৰ পুনৰ সৰুসজাইলৈ প্ৰত্যাৱৰ্তন ঘটিছে "ডুৰাণ্ড কাপ"ৰ ।"১৩৫ সংখ্যক ডুৰাণ্ড কাপ"ৰ ৬ খনকৈ মেচ এইবাৰ অনুষ্ঠিত হ'ব গুৱাহাটীত।
ভাল লগা কথাটো হ'ল যে, এই চিজনত অসমৰ দুটাকৈ দল ক্ৰমে -বড়োলেণ্ড এফ চি আৰু কাৰ্বি আংলং মণিং ষ্টাৰ এফ চি-এ অংশগ্ৰহণ কৰিছে ডুৰাণ্ড কাপত।১ আগষ্টৰ গুৱাহাটীৰ উদ্বোধনী মেচত অৱৰ্তীণ হ'ব দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বড়োলেণ্ড এফ চি।
গ্ৰুপৰ অন্য দুটা দল হ'ল ক্ৰমে -জম্মু-কাশ্মীৰৰ এফ চি ওৱান আৰু কাৰ্বি আংলং মণিং ষ্টাৰ এফ চি।ডুৰাণ্ড কাপৰ ঘোষিত সূচী অনুসৰি সৰুসজাইত অহা ১, ৩, ৬, ৮, ১১ আৰু ১৩ আগষ্টত অনুষ্ঠিত হ'ব "ডুৰাণ্ড কাপ"ৰ হাইভল্টেজ মেচ।অৱশ্যে ইয়াৰ পূৰ্বে অহা ২৫ জুলাইত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াঙ্গনত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাৰ উদ্বোধনী মেচ।
ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল"ৰ তিনিওটা ট্ৰফী বৃহস্পতিবাৰে গুৱাহাটীৰ তাজ ভিভান্টাত আয়োজিতএক অনুষ্ঠানত মুকলি কৰে ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী-এ।লগতে ট্ৰফীযাত্রাৰ ফ্লেগ অফও কৰে ক্ৰীড়ামন্ত্রী গৰাকীয়ে।
ইয়াৰ পাছত অসম বিধানসভা ভৱনৰ চৌহদ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিমুৰ্তিৰ স্থানত প্ৰদৰ্শন কৰা হয় ডুৰাণ্ড কাপৰ ট্ৰফী।
শুক্ৰবাৰে ,আই আই টি গুৱাহাটী আৰু চিটি চেন্টালত প্ৰদৰ্শন কৰা হ'ল "১৩৫ সংখ্যক ডুৰাণ্ড কাপৰ ট্ৰফী "।
গুৱাহাটীত ফুটবল অনুৰাগীয়ে বিনামূলীয়াকৈ , কেৱল প্ৰৱেশ পত্র সংগ্ৰহেৰে উপভোগ কৰিব পাৰিব ডুৰাণ্ড কাপৰ মেচ।
ট্ৰফী মুকলি অনুষ্ঠানত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উপৰি উপস্থিত থাকিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব কে জে হিলালী, সঞ্চালক অংকুৰ ভঁৰালী, মেজৰ জেনেৰেল দিনেশ কুমাৰ সিং, অমিত ধৰ, ব্ৰিগেডিয়াৰ অনুপম শৰ্মা আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ষ্টাইকাৰ অসমৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ পাৰ্থিৱ সুন্দৰ গগৈ।
ইফালে, "ডুৰাণ্ড কাপ"ত চেম্পিয়নৰ হেটট্ৰিক অৰ্জনৰ লক্ষ্যৰে খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেড এফ চি।"১৩৫ ডুৰাণ্ড কাপ"ৰ বাবে সাজু হৈছে নৰ্থ ইষ্ট ইউনাইটেডৰ অন্যতম খেলুৱৈ অসমসন্তান পাৰ্থিৱ সুন্দৰ গগৈ ।বড়োলেণ্ড এফ চিৰ হৈ ডুৰাণ্ড কাপ খেলিব ভাৰতীয় তাৰকা ফুটবলাৰ হলিচৰণ নাৰ্জাৰী-এ ।ইতিমধ্যে ক্লাবৰ অনুশীলনত যোগদান কৰিছে খেলুৱৈ গৰাকী-এ।বড়োলেণ্ড এফ চিৰ হৈ সৰ্বস্ব উজাৰি প্ৰদৰ্শন আগবঢ়াবলৈ প্ৰস্তুত হলিচৰণ নাৰ্জাৰী ।


0 Comments