আছাম স্পৰ্টছ একাডেমীত নৱতম সংযোজন “কালাৰিপায়ত্তু” ক্ৰীড়া

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

আছাম স্পৰ্টছ একাডেমীত নৱতম সংযোজন "কালাৰিপায়ত্তু" ক্ৰীড়া।"ৰাজ্যিক কালালিপায়ত্তু প্ৰতিযোগিতা"লৈ প্ৰস্তুতি আৰম্ভ ।"আছাম স্পৰ্টছ একাডেমী"ত তিনিদিনীয়া প্ৰস্তুতি শিবিৰ।সামৰণি অনুষ্ঠানত উপস্থিত অসম কালাৰিপায়ত্তু সন্থাৰ সম্পাদক পাপু খান।

ন-ন খেলুৱৈ সৃষ্টিৰ লক্ষেৰে গুৱাহাটীৰ কালাপাহাৰত গঢ়ি উঠা "আছাম স্পৰ্টছ একাডেমী"-এ স্পৰ্শ কৰিছে সফলতাৰ দহটা বছৰ।
খেলুৱৈক আন এক সম্ভাৱনা ভৰা মঞ্চ প্ৰদানৰ অৰ্থে এই একাডেমীত নতুনকৈ সংযোজন কৰা হৈছে ভাৰতৰ প্ৰাচীন সমৰকলা "কালাৰিপায়ত্তু" ক্ৰীড়া।চলিত বৰ্ষৰ জুলাইৰ শেষৰভাগত গোলাঘাটত অনুষ্ঠিত হ'ব "ৰাজ্যিক কালাৰিপায়ত্তু ক্ৰীড়া-২০২৬"।এই প্ৰতিযোগিতাত যাতে "আছাম স্পৰ্টছ একাডেমী"ৰ খেলুৱৈ-এ সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে,তাৰবাবে একাডেমীৰ প্ৰাংগনত ৩ দিনীয়াকৈ অনুষ্ঠিত হয় "কালাৰিপায়ত্তু প্ৰশিক্ষণ শিবিৰ"।সামৰণি অনুষ্ঠানত অভিভাৱকসকলৰ উপস্থিতিত কেইহাটাও ইভেন্টৰ ডেম'ষ্টেচন কৰি দেখুৱালে শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ-এ।
একাডেমীত নতুনকৈ কালাৰিপায়ত্তু ক্ৰীড়া সংযোজন কৰি আনন্দিত "আছাম স্পৰ্টছ একাডেমী"ৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথে।সামৰণিৰ অনুষ্ঠানত উপস্থিত থাকিল অসম কালাৰিপায়ত্তু সন্থাৰ সম্পাদক পাপু খান আৰু "আছাম স্পৰ্টছ একাডেমী"ৰ উপ-সভানেত্রী শুভ্ৰা ভট্টাচাৰ্য।শিবিৰটো অনুষ্ঠিত কৰাৰ ক্ষেত্রত সহযোগ কৰিছে অসম কালাৰিপায়ত্তু সন্থাই।প্ৰশিক্ষক গণেশ দেৱনাথৰ নেতৃত্বত "আছাম স্পৰ্টছ একাডেমী"ৰ খেলুৱৈসকলে সুন্দৰ ফল লাভ কৰিব বুলি আশাবাদী পাপু খান।

কালাপায়ত্তু ক্ৰীড়াৰ ডেম'ট্ৰেচন প্ৰত্যক্ষ কৰি আপ্লুত আছাম স্পৰ্টছ একাডেমীৰ উপ-সভানেত্রী শুভ্ৰা ভট্টাচাৰ্য।
গণেশ দেৱনাথৰ অদম্য চেষ্টা আৰু উৎসাহত একাডেমীৰ খেলুৱৈ সকলে আগন্তুক দিনত সফলতা লাভৰ আশা কৰিলে উপ-সভানেত্রী গৰাকী-এ।ইফালে, এই অনুষ্ঠানতে "৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ"ৰ কালাৰিপায়ত্তু ইভেন্টত ৰূপজয়ী "আছাম স্পৰ্টছ একাডেমী"ৰ খেলুৱৈ ৰাজীৱ দেৱনাথক সন্মানিত কৰিলে একাডেমী-এ।তদুপৰি শেষতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুন্দৰ কৃত্বিত্ব অৰ্জন কৰা কেইবাগৰাকীও একাডেমীৰ খেলুৱৈক সন্মানিত কৰিলে "আছাম স্পৰ্টছ একাডেমী"ৰ কতৃপক্ষই।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *