উত্তৰ-পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ নতুন কমিটি গঠন

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

উত্তৰ-পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ এখন সাধাৰণ সভা কালি সন্ধিয়া গুৱাহাটীৰ হোটেল অৰ্নেটত অনুষ্ঠিত হৈ যায়। অসম টাইকোৱানডো সন্থাৰ আতিথ্যত অনুষ্ঠিত সভাখনতে উত্তৰ পূৱ আঞ্চলিক টাইকোৱানডো ফেডাৰেচনৰ নতুন কমিটিখন গঠন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত সভাখনত ক্ৰীড়া সংহিতা ২০২৫ ৰ আধাৰত ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে এখন ৰূপৰেখা তৈয়াৰ কৰা হয়। নতুন কমিটিখনত সৰ্বসন্মতিক্ৰমে মণিপুৰৰ মুখ্যমন্ত্ৰী ৱাই. খেমচান্দক সভাপতি , কাৰ্যকৰী সভাপতি পেলে খিজে (নাগালেণ্ড), উপ-সভাপতিসকল ক্ৰমে হিৰণ্য শইকীয়া (অসম) জোছেফ থানছাংগা (মিজোৰাম), প্ৰধান সম্পাদক লিখা ৰবিন (অৰুণাচল প্ৰদেশ), যুটীয়া সম্পাদকসকল যদুমণি সিং (মেঘালয়), হীৰা প্ৰধান ( ছিকিম), সুজয় কৰ ( ত্ৰিপুৰা), কোষাধ্যক্ষ মিষ্টাৰ এলেম আয়েৰ (নাগালেণ্ড), কাৰিকৰী সমিতি দিনেশ গুপ্তা (অসম), আলী আহমেদ জাফ্ৰী (অসম)মিছ হৰিপ্ৰিয়া (মণিপুৰ), ভানলালছাৱমা (মিজোৰাম), ৰূপেন প্ৰধান (চিকিম), ভিছাবিউ পেচেইয়ে (নাগালেণ্ড) আৰু মাৰি কাৰবাক (অৰুণাচল প্ৰদেশ)

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *