গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
থাইলেণ্ডৰ বেংককত অনুষ্ঠিত "১২ সংখ্যক এছিয়ান এজ গ্ৰুপ একুৱেটিকছ চেম্পিয়নশ্বিপ ২০২৬" ৰ উদ্বোধনী দিনাই অসমৰ প্ৰতিভাৱান ডাইভাৰ ৰূপম গগৈয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় সেনাৰ এছ কেডেট সুপ্ৰদীপ সাহাৰ সৈতে যুটি বান্ধি তেওঁ বয়ছ গ্ৰুপ "এ" আৰু "বি" (১৪–১৮ বছৰ) ৰ প্লেটফৰ্ম ছিংক্ৰ'নাইজড ডাইভিং প্ৰতিযোগিতাত ২২৯.৮৯ পইণ্ট লাভ কৰি স্বৰ্ণ পদক দখল কৰে। এই ইভেণ্টত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে।
অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটীত সংবাদ মাধ্যমক জনোৱা মতে, ৰূপম গগৈ আৰু সুপ্ৰদীপ সাহাই এএছআই, পুনেৰ প্ৰশিক্ষক এম. কুঞ্জকিশোৰৰ তত্ত্বাৱধানত নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। তেখেতৰ নিষ্ঠাবান প্ৰশিক্ষণ আৰু দিশনিৰ্দেশনাই এই ঐতিহাসিক সফলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে ,ৰূপমৰ এই স্বৰ্ণজয়ে সমগ্ৰ অসম আৰু দেশবাসীক গৌৰৱান্বিত কৰিছে।
অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসেও ৰূপম গগৈ আৰু সুপ্ৰদীপ সাহাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ দুয়োগৰাকী ডাইভাৰৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি কয় যে তেওঁলোকৰ এই সফলতাৰ ধাৰাবাহিকতা আগলৈও অব্যাহত থাকিব আৰু ভৱিষ্যতে অসম তথা ভাৰতলৈ অধিক গৌৰৱ কঢ়িয়াই আনিব।


0 Comments