গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন
যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে "২৩ সংখ্যক কমনৱেলথ গেমছ ২০২৬"। এই প্ৰতিযোগিতাত ভাৰতীয় বক্সাৰে গঢ়িলে এক অনন্য অভিলেখ । দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমিফাইনেলত জয়ী হৈ একেলগে ১০ গৰাকী ভাৰতীয় বক্সাৰ প্ৰৱেশ কৰিলে ফাইনেলত। ইয়াৰ লগে ১০ টা সোণৰ পদকলৈ মাত্র এখোজ বাকী থাকিল ভাৰতীয় বক্সাৰৰ ।
পদক নিশ্চিত কৰি ছেমিৰ পৰা ফাইনেলত প্ৰৱেশ কৰা ১০ গৰাকী খেলুৱৈৰ ভিতৰত ৬ গৰাকী মহিলা বক্সাৰ আৰু ৪ গৰাকী পুৰুষ বক্সাৰ ।ফাইনেলত প্ৰৱেশ কৰা ৬ গৰাকী ভাৰতীয় মহিলা বক্সাৰ হ'ল ক্ৰমে -লাভলীনা বৰগোঁহাই (৭৫ কেজি),সাক্ষী চৌধুৰী (৫১ কেজি) , প্ৰীতি পাৱাৰ (৫৪ কেজি) ,জেইছমিন লেম্বোৰিয়া(৫৭ কেজি),প্ৰিয়া ঘাংঘাছ (৬০ কেজি), অৰুন্ধতী চৌধুৰী (৭০ কেজি)।
আনহাতে, পুৰুষ শাখাত ফাইনেলত প্ৰৱেশ কৰা ৪ গৰাকী খেলুৱৈ হ'ল ক্ৰমে - যদুমণি সিং মাণ্ডেংবাম(৫৫ কেজি), শচীন ছিৱাচ (৬০ কেজি),অংকুশ পাংঘল (৮০ কেজি), নৰেন্দ্ৰ বেৰৱাল (৯০ কেজি)।
উল্লেখ্য শুক্ৰবাৰে নিশা ছেমিফাইনেলৰ যুঁজত অৱৰ্তীণ হয় অসমকন্যা লাভলীনা বৰগোঁহাই।মহিলাৰ ৭৫ কেজি শাখাত লাভলীনাৰ হাতত পৰাস্ত হয় টুভালুৰ টাৰোনা তাফাকি । দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমিফাইনেলত ৫-০ ৰ ব্যৱধানত জয়ী হৈ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাই-এ । এতিয়া সোণজয়ৰ বাবে মাথোন মাজত এটা খোজ বাকী লাভলীনা বৰগোহাইৰ ।
ইফালে ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে আছে অসম এমেছাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা । দেশবাসী-এ আশা কৰিছে লাভলীনাসহ ১০ বক্সাৰে ফাইনেলত জয়ী হৈ একেলগে ১০ টা সোণজিনাৰ অভিলেখ ৰচনা কৰক ।


0 Comments