গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে কমনৱেলথ গেমছ ২০২৬ । এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১৪ গৰাকী বক্সাৰে দেশৰ হৈ প্ৰদৰ্শন আগবঢ়াইছে ।ভাল লগা কথাটো হ'ল যে, চলিত কমনৱেলথ গেমছত ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই মনোনীত কৰিছে অসমৰ ক্ৰীড়া সংঠক হেমন্ত কুমাৰ কলিতাক। পৰ্যবেক্ষক হিচাপে কলিতাই চলিত "কমনৱেলথ গেমছ"ত ভাৰতীয় বক্সিং দলৰ প্ৰদৰ্শন সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে ভাৰতীয় বক্সিঙৰ অবিৰত বিকাশত সহায়ক হোৱাকৈ মতামত আগবঢ়াব । হেমন্ত কুমাৰ কলিতাক বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াই এই গুৰু দায়িত্ব প্ৰদান কৰাৰ বাবে ক্ৰীড়া অনুৰাগী-এ তেওঁক জনাইছে শুভেচ্ছা।
বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ উপদেষ্টা তথা অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহক কৰি আছে হেমন্ত কুমাৰ কলিতাই।
উল্লেখ্য যে,ভাৰতীয় বক্সিং দলৰ অন্যতম সদস্য অসমৰ লাভলীনা বৰগোঁহাই । কোৱাৰ্টাৰ ফাইনেলত বাই লাভেৰে ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিক পদকজয়ী লাভলীনাই । অহা ৩১ জুলাইত ছেমিৰ যুঁজত অৱৰ্তীণ হ'ব লাভলীনা।


0 Comments