গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"কমনৱেলথ গেমছ-২০২৬" ত অপ্ৰতিৰোধ্য ভাৰত।ভাৰতৰ পদকৰ সংখ্যা ৫ টালৈ বৃদ্ধি ।
মিৰাবাঈ চানু-এ ভাৰকক উপহাৰ দিলে প্ৰথমটো স্বৰ্ণ পদক। মংগলবাৰে প্ৰতিযোগিতাত নামিব অসমৰ নয়নমণি শইকীয়া।
স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে "কমনৱেলথ গেমছ ২০২৬"। ৭৪ খন দেশে অংশগ্ৰহণ কৰা এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ ১২৬ গৰাকী খেলুৱৈ-এ বিভিন্ন ইভেন্টত দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন ।সোমবাৰ পৰ্যন্ত ভাৰতে পেৰা পাৱাৰ লিফ্টিং আৰু ভাৰোত্তোলনৰ জৰিয়তে লাভ কৰিছে মুঠ ৫ টা পদক।ব্ৰঞ্জ দখলেৰে ভাৰতক প্ৰথমটো পদকৰ উপহাৰ দিলে পেৰা খেলুৱৈ ঝাণ্ডু কুমাৰে।পুৰুষৰ হেভিয়েট পেৰা পাৱাৰ লিফ্টিং ইভেন্টত ব্ৰঞ্জলাভ কৰে ঝাণ্ডু-এ । ১৯০ কেজি উত্তোলন কৰাৰ লগতে ১৩০.৯ পইন্টৰে ঝাণ্ডু কুমাৰে লাভ কৰে এই বৃহৎ সাফল্য ।
"কমনৱেলথ গেমছ-২০২৬" ত ভাৰতলৈ দ্বিতীয়টো পদক আহিল ভাৰোত্তোলনৰ জৰিয়তে ।পুৰুষ ভাৰোত্তোলনৰ ৬০ কেজি শাখাত ঋষিকান্ত সিঙে অৰ্জন কৰে ৰূপৰ পদক।তেওঁ স্নেচত ১২১ কেজি উত্তোলনেৰে পুৰুষৰ ৬০ কেজি শাখাত গঢ়িলে নতুন গেমছ ৰেকৰ্ড ।
দেওবাৰৰ দিনটো ভাৰতৰ বাবে আছিল উল্লেখ্যযোগ্য।দেওবাৰে ভাৰোত্তোলনৰ জৰিয়তে "কমনৱেলথ গেমছ ২০২৬" ত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ।মহিলাৰ ৪৮ কেজি শাখাত খেলি অলিম্পিক পদকজয়ী মিৰাবাঈ চানু-এ দখল কৰিলে সোণৰ পদক। ইয়াৰ লগে লগে একেৰাহে তিনিখন "কমনৱেলথ গেমছ"ত সোণজয়ী প্ৰথমগৰাকী মহিলা ৰূপে পৰিগণিত হ'ল মিৰাবাঈ চানু।২০১৮,২০২২,২০২৬ ৰ "কমনৱেলথ গেমছ"ত উত্তৰ-পূৰ্বাঞ্চলৰ জীয়াৰী মীৰাবাঈ চানু-এ অৰ্জন কৰে সোণজয়ৰ হেট্ৰটিক।তদুপৰি চলিত প্ৰতিযোগিতাখনত ৪৮ কেজি শাখাত স্নেচত ৮৫ কেজি আৰু ক্লিন এণ্ড জাৰ্কত ১০৫ কেজি উত্তোলন কৰি দুটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় মিৰাবাঈ চানু।
পডিয়ামত সোণৰ পদক পিন্ধি আবেগত উচুপি উঠিল মণিপুৰৰ কন্যা মিৰাবাঈ।
দেওবাৰে ভাৰতে চতুৰ্থটো পদক লাভ কৰে ভাৰোত্তোলনৰ জৰিয়তে ।পুৰুষৰ ৬৫ কেজি শাখাত ৰূপৰ পদক আজুৰি আনিলে ভাৰতীয় ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ।মুথুপাণ্ডী-এ স্নেচত ১২৬ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১৬০ কেজি উত্তোলন কৰি সৰ্বমুঠ ২৮৬ কেজিৰে দিলে চমক।
সোমবাৰে ভাৰোত্তোলনৰ জৰিয়েতে ভাৰতে লাভ কৰিলে পঞ্চমটো পদক।মহিলাৰ ৫৩ কেজি শাখাত ৰূপ জিনিলে ভাৰতীয় ভাৰোত্তোলক জ্ঞানেশ্বৰী যাদৱে।উল্লেখ্য যে,ভাৰতীয় ১১ জনীয়া ভাৰোত্তোলন দলৰ অন্যতম প্ৰশিক্ষক ৰূপে আছে অসম সন্তান অলকেশ বৰুৱা ।
ইফালে,"কমনৱেলথ গেমছ-২০২৬"ত পদক নিশ্চিত কৰিছে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই-এ।কোৱাৰ্টাৰত বাই লাভেৰে পোনপটীয়াকৈ ছেমিত প্ৰৱেশ কৰিছে লাভলীনা।অহা ৩১ জুলাইত ছেমিত তুভালুৰ বক্সাৰ তাফাকিৰ বিৰুদ্ধে অৱৰ্তীণ হ'ব লাভলীনা। লাভলীনাৰ উপৰি
২০২৬ ৰ "কমনৱেলথ গেমছ"ত ভাৰতক প্ৰতিনিত্ব কৰা অসমৰ আন তিনি খেলুৱৈ হ'ল ক্ৰমে-লনবল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰা চাইক্লিষ্ট লিছা দাস।
অহা ২৮ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লনবলৰ "ৱমেন চিংগলছ"ৰ খেল।ভাৰতৰ হৈ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে অসমকন্যা অৰ্জুন নয়নমণি শইকীয়া।
আনহাতে, দুখন মেচত জয়,দুখন মেচত পৰাজয় বৰণ কৰাৰ পাছত সোমবাৰে নিশা ১০.০৫ বজাত প্ৰতিযোগিতাত নিজা অন্তিমখন মেচ খেলিব অসমৰ পুতুল সোণোৱালে। প্ৰতিযোগিতাৰ নিজা প্ৰথমখন মেচত বৰ্তমানৰ "বিশ্ব আউটডৰ চেম্পিয়ন" ৰিয়ান বেষ্টাৰক পৰাস্ত কৰি পুতুলে বিশ্ববাসীক দিছিল চমক।তদুপৰি, ফকলেণ্ড দ্বীপপুঞ্জৰ চেচিল আলেকজেণ্ডাৰক পৰাস্ত কৰি দ্বিতীয় মেচতো জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ন ৰাখিছিল পুতুলে ।


0 Comments