গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ১২ টালৈ বৃদ্ধি পালে।মংগলবাৰে ভাৰতীয় দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলবীৰ সিঙে জিনিলে ৰূপৰ পদক। ১০ হাজাৰ মিটাৰৰ ফাইনেলত ২৭:৪৯.৭৮ সময়েৰে এই সাফল্য অৰ্জন কৰে খেলুৱৈ গৰাকী-এ। প্ৰচণ্ড বৰষুণ আৰু বৰষুণেৰে তিতি থকা ট্ৰেক পৰিস্থিতিত এই সফলতা কঢ়িয়াই আনে গুলবীৰে। ইয়াৰ লগে লগে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত কমনৱেলথ গেমছৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ল গুলবীৰ সিং । আনহাতে, পুৰুষৰ হাই জাম্পত সৰ্বেশ কুশৰে-এ অৰ্জন কৰে ৰূপৰ পদক।
মংগলবাৰে ভাৰোত্তোলনৰ জৰিয়তেও ভাৰত লাভ কৰে দুটাকৈ পদক ।মহিলাৰ ৬৯ কেজি শাখাত ৰূপজয় কৰিলে হৰজিন্দৰ কৌৰে। তেওঁ স্নেচত ১০১ কেজি,ক্লীন এণ্ড জাৰ্কত ১২৬ কেজি সহ উত্তোলন কৰে মুঠ ২২৭ কেজি। আনহাতে,ভাৰতীয় ভাৰোত্তোলক ভেল্লুৰী অজয় বাবু-এ ৭৯ শাখাত জিনিলে ৰূপৰ পদক।তেওঁ নতুন কমনৱেলথ গেমছ ৰেকৰ্ডেৰে স্নেচত ১৪৯ কেজি,ক্লীন এণ্ড জাৰ্কত ১৪১ কেজিসহ মুঠ ৩৩০ কেজি উত্তোলনেৰে দখল কৰে ৰূপৰ পদক।
ইফালে সোমবাৰে , "কমনৱেলথ গেমছ-২০২৬" ত ভাৰতে অৰ্জন কৰে দ্বিতীয়টো স্বৰ্ণ ।পেৰা এথলেটিকছত সোণজিনি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে শৰ্মিলা ধনকৰে। মহিলাৰ শ্বটপুত এফ-৫৭ শাখাত ৯.৮১ মিটাৰ দলিয়াই শৰ্মিলাই লাভ কৰে সফলতা। পেৰা এথলেটিকছত পদকজয়ী তথা সোণজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হ'ল শৰ্মিলা। সোমবাৰে একে ইভেন্টত সোণ জয় কৰে ভাৰতৰ আনগৰাকী পেৰা খেলুৱৈ শিল্পাই ।প্ৰথমবাৰৰ বাবে "কমনৱেলথ গেমছ"ৰ একেটা পেৰা ইভেন্টতে দুটাকৈ পদক অৰ্জন কৰাৰ ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে ভাৰতে।
মহিলাৰ শ্বটপুত ৫৭ শাখাতে শিল্পা কাঞ্চুগাৰাকোপ্পালু শ্বাইলাই দখল কৰে ব্ৰঞ্জৰ পদক ।৭.২৬ মিটাৰ থ্ৰ'ৰে এই সফলতা লাভ কৰে পেৰা খেলুৱৈ গৰাকী-এ।
উল্লেখ্য যে, ২ টা সোণ,৭ টা ৰূপ,৩ টা ব্ৰঞ্জসহ মুঠ ১২ টা পদকেৰে চলিত কমনৱেলথ গেমছত নৱম স্থানত আছে ভাৰত ।


0 Comments