গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ক্ষিণ কোৰিয়াৰ ছিউলত ২৫-২৮ জুলাইত অনুষ্ঠিত সপ্তম কিম উন য়ং কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী ৰেফাৰীয়ে খেল পৰিচালনাৰ গুৰু দায়িত্ব পালন কৰে। আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীদ্বয় হ'ল - আলি আহমেদ জাফ্ৰী আৰু দীনেশ গুপ্তা। আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো টুৰ্ণামেণ্টখনৰ খেল পৰিচালনাৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাই দুয়োগৰাকী ৰেফাৰীকে অসম তথা ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল পৰিচালনাত সহায় কৰিব বুলি আশা কৰা হৈছে।এই বাতৰি দিছে অসম টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই।


0 Comments