“ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া”ত অসমৰ অংশগ্ৰহণ

July 29, 2026

K

Gogo Sports NE

হাৰিয়ানাত "১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া"।অসমৰ পৰা ১৬ জনীয়া খেলুৱৈৰ দল ৰাওনা ।অসম ছাত্র অলিম্পিক সন্থাৰ শুভেচ্ছা।

অহা ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ হাৰিয়ানাৰ ৰৌটাকত অনুষ্ঠিত হ'ব "১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৬-২৭" ।
ছাত্র অলিম্পিক এছচিয়েচন, ইণ্ডিয়াৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত অংশগ্ৰণ কৰিব প্ৰায় ১৮ খন ৰাজ্যৰ খেলুৱৈ-এ।
অসম ছাত্র অলিম্পিক সন্থাৰ নেতৃত্বত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ ১৬ গৰাকী খেলুৱৈ-এ।
কাৰাটে ,টাইকোৱানডো আৰু উশ্বু ইভেন্টত অসমৰ খেলুৱৈ সকলে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন।দলটোৰ টাইকোৱানডো প্ৰশিক্ষক ৰূপে আছে প্ৰাঞ্জল বৰা,কাৰাটেৰ প্ৰশিক্ষক ৰূপে আছে তছল্লিম আহমেদ।আনহাতে দলটোৰ নেতৃত্ব বহন কৰিছে আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ তথা অসম ছাত্র অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাসে।


২০২৪ চনৰ "ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া"ত অসমৰ দলটোৱে ২৮ টা পদক লাভ কৰাৰ উপৰি অৰ্জন কৰিছিল "দ্বিতীয় শ্ৰেষ্ঠ দল"ৰ সন্মান।
এইবাৰো ১৬ গৰাকী খেলুৱৈ-এ সোণ জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসম ছাত্র অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ দাস।

ইফালে, বুধবাৰে দুপৰীয়া গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা অসম দলটো হাৰিয়ানাৰ অভিমুখে ৰাওনা হৈছে।
অসম এৰাৰ প্ৰাকক্ষণত অসম ছাত্র অলিম্পিক সন্থাৰ তত্বাবধানত যোৱা অসমৰ খেলুৱৈসকলে প্ৰকাশ কৰিলে মনৰভাৱ।
সকলো খেলুৱৈৰে আশা -ছাত্র অলিম্পিকৰ "ৰাষ্ট্ৰীয় প্ৰতিযোগিতা"ত শ্ৰেষ্ঠত্ব উজাৰি দি সোণৰ পদক অৰ্জন কৰা।

ক্ৰীড়া অনুৰাগীৰ আশা হাৰিয়ানাৰ "১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া"ত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমে অৰ্জন কৰক অভিলেখ সংখ্যক পদক।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *