জনস্বৰাজৰ উদ্যোগত ক্ৰীড়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টি ,ক্ৰীড়া ঔষধিৰ সঠিক ব্যৱহাৰ সন্দৰ্ভত বিশেষ কাৰ্যসূচী সম্পন্ন

July 26, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ক্ৰীড়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টি, ক্ৰীড়া ঔষধৰ সঠিক ব্যৱহাৰ আৰু খেলুৱৈক নিষিদ্ধ ঔষধ সেৱনৰ পৰা আঁতৰাই ৰখা অৰ্থাৎ ড'প নিবাৰণক বিষয় হিচাপে লৈ দেওবাৰে মহানগৰীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত এক বিশেষ সজাগতা কাৰ্যসূচী আৰু কৰ্মশালা অনুষ্ঠিত হ'য় । অসম তথা দেশৰ আগশাৰীৰ সামাজিক অনুষ্ঠান জনস্বৰাজে আয়োজন কৰা এই কাৰ্যসূচীত খেলুৱৈ, প্ৰশিক্ষক, শাৰীৰিক নিৰ্দেশক,অভিভাৱক, ফুটবল,ভলীবল,বক্সিং,সাঁতোৰ,কাবাদী,এথলেটিকছ আদি ইভেণ্টৰ খেলুৱৈ সামৰি ক্ৰীড়াক্ষেত্ৰৰ প্ৰায় ৫০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে। জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা কাৰ্যসূচী আৰু কৰ্মশালাৰ আঁত ধৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈয়ে। সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশেষজ্ঞ চিকিৎসক ডাঃ সুৰভী কলিতা খনিকৰ,ক্ৰীড়া চিকিৎসা বিশেষজ্ঞ ডাঃ দীপাংকৰ ভট্টাচাৰ্য আৰু ক্ৰীড়া পৰিপুষ্টিৰ বিষয়ৰ অধ্যাপিকা ড°জেচমিন ইছলাম।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগ,অইল ইণ্ডিয়া, এন আৰ এল, এ জি চি এল,অসম ৰাজ্যিক এইডছ কণ্ট্ৰল চ'চাইটি, অসম গ্ৰামীণ বেংক, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়, অসম,এ পি জি চি এল, অসম বীজ নিগম,এন ই জি ডি পি এল , ডাউন টাউন হস্পিটেল,অসম মীন উন্নয়ন নিগম,সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়,অসম আৰু অসম ক্ৰীড়া প্ৰধিকৰণৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম বেডমিণ্টন সন্থাৰ কোষাধ্যক্ষ জ্যেষ্ঠ ক্ৰীড়া সংগঠক গৌতম মহন্ত , জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, জনস্বৰাজৰ সম্পাদক প্ৰশান্ত বৰুৱা,উপ সভাপতি পবিত্ৰ গগৈ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠব বৃদ্ধি কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৰণিকা "জনস্বৰাজ" উন্মোচন কৰা হ'য় জ্যেষ্ঠ ক্ৰীড়া সংগঠক গৌতম মহন্তৰ হাতে। সহযোগিতা কৰে জ্যেষ্ঠ প্ৰশিক্ষক কামিনী শৰ্মা,অমৰ ডেকা,গোবিন্দ কলিতা আদিয়ে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *