“জিপিচি মিডিয়া ফুটছাল টুৰ্ণামেণ্ট ২০২৬”-ৰ সফল সামৰণি

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বেলতলাস্থিত এৰিনা২৮ ত সোমবাৰে "জিপিচি মিডিয়া ফুটছাল টুৰ্ণামেণ্ট'ৰ সফল সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ ফাইনেলত "এন ই ভাৰত ২৪"-এ "অসম লাইভ ২৪"-ক ১-০ গ'লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। আনহাতে, মহিলা শাখাৰ ৰোমাঞ্চকৰ ফাইনেলখনত "ডি ৱাই ৩৬৫" -এ টাইব্ৰেকাৰত "প্ৰাগ নিউজ'-ক পৰাস্ত কৰি চেম্পিয়নৰ মুকুট পিন্ধে।

প্ৰতিযোগিতাখনিৰ ব্যক্তিগত বঁটাসমূহ হৈছে— ফেয়াৰ প্লে' ট্ৰফী: আছাম ট্ৰিবিউন, শ্ৰেষ্ঠ খেলুৱৈ (পুৰুষ): গুণু ডেকা (এন ই ভাৰত ২৪), সৰ্বাধিক গ'লদাতা: ৰূপক বৈশ্য (গুৱাহাটী প্ৰেছ ক্লাব), শ্ৰেষ্ঠ গ'লৰক্ষক (পুৰুষ): বিজয় দাস (অসম লাইভ ২৪ ), শ্ৰেষ্ঠ গ'লৰক্ষক (মহিলা): তনয়া শাণ্ডিল্য (প্ৰাগ নিউজ) আৰু শ্ৰেষ্ঠ খেলুৱৈ (মহিলা): পল্লৱী বৰদলৈ (ডি ৱাই ৩৬৫)।

দুদিনীয়া এই প্ৰতিযোগিতাত প্ৰিন্ট, ইলেকট্ৰ'নিক, ডিজিটেল সংবাদ মাধ্যমৰ মুঠ ২৬টা দলে অংশগ্ৰহণ কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া সম্পাদক দীপাংকৰ দাসে এই প্ৰতিযোগিতাখন সফল কৰি তোলাত অংশগ্ৰহণকাৰী সকলো দল, খেলুৱৈ, সমৰ্থক আৰু সহযোগীসকললৈ জ্ঞাপন কৰে আন্তৰিক কৃতজ্ঞতা।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *