নতুন দিল্লী বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ নৱম স্থানত সিন্ধু:পুৰুষ-মহিলাৰ এককত চীনৰ শ্বি ইউকি, দক্ষিণ কোৰিয়াৰ আন ছে ইয়ঙৰ শীৰ্ষস্থান

August 4, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

জাপান অ’পেন চেম্পিয়ন পি ভি সিন্ধুৱে অহা ১৭-২৩ আগষ্টলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত ৰেংকিঙৰ নৱম স্থান লাভ কৰিছে৷ উল্লেখ্য যে দেশক ক্ৰমাগত দুখন অলিম্পিকত পদক দিয়া তথা বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা সিন্ধুই প্ৰথমবাৰৰ বাবে ঘৰুৱা অনুৰাগীৰ সন্মুখত বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ খেলিব৷

ইফালে, ২০২২ ৰ এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় পুৰুষ যুটি সাতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে ঘৰত হ’বলগা বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত নিজৰ শাখাৰ ৰেংকিঙত পঞ্চম স্থান লাভ কৰিছে৷ প্ৰাক্তন বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লক্ষ্য সেনে পুৰুষৰ একক শাখাত ১৪ নম্বৰ স্থান অৰ্জন কৰাৰ বিপৰীতে ধ্ৰুৱ কপিলা আৰু তানিশা ক্ৰাষ্টোৰ মিক্সড ডাবলছ যুটিয়ে ১৫ নম্বৰ স্থান দখল কৰিছে৷

পুৰুষৰ এককত বিশ্ব চেম্পিয়ন চীনৰ শ্বি ইউকি আৰু দক্ষিণ কোৰিয়াৰ তাৰকা আন ছে ইয়ঙে মহিলা এককত শীৰ্ষস্থান লাভ কৰিছে৷ মহিলা এককত বিশ্ব চেম্পিয়ন জাপানৰ আকানে ইয়ামাগুচি দ্বিতীয় হোৱাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰিছে ক্ৰমে চীনৰ ৱাং জি য়ি আৰু চেন ইউফেই৷বুধবাৰে প্ৰতিযোগিতাৰ ড্ৰ’ মুকলি কৰা হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *