“পিলিক চৌধুৰী আন্তঃজিলা স্কুল ফুটবল”ৰ সামৰণি,বিজয়ী কামৰূপ মহানগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

টাইব্ৰেকাৰৰ জৰিয়তে কোকৰাঝাৰৰ পাটগাওঁ উঃ মাঃ বিদ্যালয়ক সামগ্ৰীক ভাবে ৬-৫ গ'লত হৰুৱাই কামৰূপ মহানগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলে "পিলিক চৌধুৰী স্মৃতি ৰাজ্যিক ভিত্তিক আন্তঃজিলা স্কুল ফুটবল ২০২৬"ত বিজয়ীৰ সন্মান অৰ্জন কৰিছে।মংগলবাৰে মৰিগাঁৱৰ দন্দোৱা খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ ফাইনেল খেলখন নিৰ্ধাৰিত সময়লৈ ২-২ গ'লত ড্ৰ' হৈ ৰয়।ফলাফল নিৰ্ণয়ৰ স্বাৰ্থত ৰেফাৰীয়ে টাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰাত কামৰূপ মহানগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলে কোকৰাঝাৰৰ পাটগাওঁ উঃ মাঃ বিদ্যালয়ক ৪-৩ গ'লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন ট্ৰফী হস্তগত কৰে । অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে মৰিগাওঁ জিলা ক্ৰীড়া ৰিষয়াৰ কাৰ্যালয়ৰ আতিথ্যত আয়োজন কৰা ১৫ বছৰ অনুৰ্ধৰ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কামৰূপ মহানগৰৰ হৈ কল্যান ৰাজখোৱাই গ'লৰ পাতনি মেলে (১-০) খেলৰ ৩২ মিনিটত। তৎমুহুৰ্ততে প্ৰত্যাক্ৰমণ তীব্ৰতৰ কৰি কোকৰাঝাৰৰ পাটগাওঁ উঃ মাঃ ই আকাশ নাৰ্জাৰীৰ গ'লেৰে ৩২ মিনিটতে সমতা স্থাপন কৰি খেল ৰোমাঞ্চক কৰি তোলে(১-১)। তেনেদৰেই বিৰতিলৈ সমতাত থকা উভয় প্ৰতিপক্ষই দ্বিতীয়াৰ্ধত অলআউট প্ৰদৰ্শন আগবঢ়োৱাৰ মাজতে ৪৩ মিনিটত "শ্ৰেষ্ঠ খেলুৱৈ: বিবেচিত নিৰ্ভয় ফুকনৰ গ'লৰ সহায়ত কামৰূপ মহানগৰে ২-১ গ'লৰ অগ্ৰগতি লাভ কৰে।তাৰ বিপৰীতে, জোৰদাৰ প্ৰত্যাক্ৰমণৰ জৰিয়তে ৪৯ মিনিটত কোকৰাঝাৰৰ হৈ আনচুলা নাৰ্জৰীয়ে দৰ্শনীয় গল'ৰ সহায়ত খেলখন পুনৰ সমতালৈ(২-২)নিয়ে।অৱশেষৰ টাইব্ৰেকাৰ পৰ্বত কামৰূপ মহানগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ হৈ নিৰ্ভয়,সনাতন ৰাহাং,সম্ৰাট গগৈ আৰু আব্দুল আলিয়ে গ'ল কাৰ্যকৰী কৰা বিপৰীতে কোকৰাঝাৰৰ পাটগাওঁ উঃ মাঃ বিদ্যালয়ৰ এছ ব্ৰহ্ম,মেহেৰ বসুমতাৰী আৰু আনচুলাইহে গ'লৰ মুখ দেখে।

উল্লেখ্য যে ৰাজ্যিক প্ৰতিযোগিতাৰ চেম্পিয়ন হোৱা সূত্ৰে কামৰূপ মহানগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ দলটোৱে ঐতিহাসিক "সুব্ৰত কাপ ফুটবল"ৰ ল’ৰাৰ ১৫ বছৰ অনুৰ্ধৰ আন্তঃৰ্জাতিক প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা ছাব-জুনিয়ৰ প্ৰতিযোগিতাখন অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব৷ ইয়াৰ আগেয়ে ৰাতিপুৱা অনুষ্ঠিত ছেমি ফাইনেলত কোকৰাঝাৰৰ পাটগাওঁ উঃমাঃ বিদ্যালয়ে ধেমাজীৰ পি এম শ্ৰী গোগামুখক ২-১ গ'লত আৰু কামৰূপ মহানগৰ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলে কাৰ্বিআংলঙৰ নিউ হপ হাইস্কুলক ২-১গ'লত হৰুৱাই ফাইনেলত উপনীত হৈছিল।

ইফালে, ফাইনেলৰ অন্তত হোৱা সামৰণি অনুষ্ঠানত বিশিষ্ট আৰু সন্মানীয় অতিথিৰূপে উপস্থিত থাকি মৰিগাঁৱৰ এ ডি চি ময়ূৰ পংখী বৰা,এম এম বিৰ কাৰ্যবাহী বিষয়া মানস প্ৰতীম বৰুৱা,প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ ভগবান ভৰালী, মৰিগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক জিতু বৰদলৈ, প্ৰাক্তন ৰাষ্ট্ৰীয় ৰেফাৰী নাছিৰুদ্দিন আহমেদ উপস্থিত থাকি মেডেল আৰু মানপত্ৰ সমূহ প্ৰদান কৰে ৷

বিজয়ী দলটোৰ খেলুৱৈ সকল ক্ৰমে দীপজ্যোতি পোদ্দাৰ,(গ'লৰক্ষক) আব্দুল আলি,নিৰ্ভয় ,সনাতন,ভাৰ্গব লাহন,অজয় কৈবৰ্ত,সম্ৰাট,ভাষিক শৰণীয়া,সৌৰভ সোনোৱাল,চাৰ্লচ মিঞ্জ,ধনবীৰ কুমাৰ ব্ৰহ্ম,কল্যান ৰাজখোৱা,অংগদ গগৈ,জিতেন"ৰামছিয়াৰী,কৌশিকণবসুমতাৰী আৰু হিউৱেনচুন স্বৰ্গীয়াৰী । প্ৰশিক্ষক কাৰ্তিকণবড়ো, মেনেজাৰ আনচাই ব্ৰহ্ম । খেল পৰিচালনা কৰে দুলাল আহমেদে।সহযোগিতা কৰে ৰঞ্জিত গগৈ,চিন্ময় সোনোৱাল আৰু গীতালি মৰানে।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *