পূৰ্ণগতিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,ৰাইনিৰৰ হেট্ৰিক, জামছেদপুৰ এফ চিৰ জয়লাভ

July 26, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

ৰাইনিৰ ফাৰ্ণাণ্ডেজৰ হেট্ৰিকৰে আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত প্ৰত্যাশিত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ দেওবাৰে বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত ঘৰুৱা দলটোৱে ৫-০ গলৰ ব্যৱধানত পৰাস্ত কৰে শ্ৰীলংকাৰ ডিফেণ্ডাৰ্ছ এফ চিক৷

গ্ৰুপ ‘চি’ৰ মেচখন আৰম্ভণিৰ পৰাই একপক্ষীয় আছিল৷ জামছেদপুৰ দলে খেলৰ প্ৰথমাৰ্ধতে চাৰিটা গল কৰি মেচ নিজৰ নিয়ন্ত্ৰণত ৰাখে৷ ৰাইনিৰ ফাৰ্ণাণ্ডেজে চাৰি আৰু আঠ মিনিটত প্ৰথম দুটা গলৰে দলক অগ্ৰগতি দিয়াৰ পাছত অমনে ২৩ মিনিটত তথা দেৱেন্দ্ৰই ৩৯ মিনিটত গল কৰি জামছেদপুৰৰ তিনি পইণ্ট প্ৰথম ৪৫ মিনিটতে নিশ্চিত কৰে৷

ইফালে, খেলৰ ৮২ মিনিটত ৰাইনিৰে তৃতীয়টো গল কৰি হেট্ৰিক পূৰ্ণ কৰাৰ লগতে জামছেদপুৰ এফ চিৰ ৫-০ জয় নিশ্চিত কৰে৷ খেলখনৰ কোনো এটা মূহুৰ্ততে শ্ৰীলংকাৰ দলটোৱে বিপক্ষক আক্ৰমণ কৰিবলৈ সক্ষম নহ’ল৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ খেল এইবাৰ ঝাৰখণ্ডত অনুষ্ঠিত হৈছে৷

প্ৰতিযোগিতাৰ দেওবাৰে কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত হ’বলগা আন এখন মেচত গ্ৰুপ ‘বি’ৰ প্ৰথম খেলত ভাৰতীয় সেনাৰ ফুটবল দলে সমলেশ্বৰী স্পৰ্টিং দলৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে ওড়িছাৰ আই লীগৰ এই দলটোৱে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ খেলি বৃহৎ মঞ্চত অভিষেক কৰিব৷

প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত হ’বলগা একমাত্ৰ মেচত কলকাতাৰ মহমেদান স্পৰ্টছ ক্লাবে বাগপট এফ চিৰ মুখামুখি হ’ব৷ কিশোৰ ভাৰতী ক্ৰীড়াংগনত এই খেলখন নিশা ৭ বজাত অনুষ্ঠিত হ’ব৷ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *