গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
"ফিফা বিশ্বকাপ ২০২৬" ৰ চেম্পিয়ন স্পেইন।১৬ বছৰৰ অপেক্ষাৰ অন্তত স্পেইনৰ পুনৰ খিতাপ দখল।
স্পেইনৰ হাতত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেন্টিনা ।খেলপথাৰত উচুপি উঠিল ফুটবল বিশ্বৰ মহাতাৰকা লিঅ'নেল মেছি।
"ফিফা বিশ্বকাপ -২০২৬"ৰ ফাইনেলত কোটি কোটি ফুটবল অনুৰাগী সাক্ষী হৈ ৰ'ল এক ঐতিহাসিক নিশাৰ।
ডিফেণ্ডিং চেম্পিয়ন আৰ্জেন্টিনাক পৰাভূত কৰি পুনৰ বিশ্বকাপৰ মুকুট পিন্ধিলে কৰিলে স্পেইনে।১৬ বছৰৰ অপেক্ষাৰ অৱসান ঘটাই নিউয়ৰ্কৰ "নিউ জাৰ্ছি ষ্টেডিয়াম"ত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে স্পেইনে।এই ফাইনেল কেৱল এটা ট্ৰফীৰ যুঁজ নাছিল।
এফালে বিশ্ব ফুটবলৰ ৩৯ বছৰীয়া মহাতাৰকা লিঅ'নেল মেছি ,আনফালে স্পেইনৰ ১৯ বছৰীয়া যুৱ খেলুৱৈ লামিন য়ামাল।
ফুটবলৰ বৰ্তমান আৰু ভৱিষ্যতৰ যুঁজত অৱশেষত শেষ হাঁহি মাৰিলে মহা শক্তিধৰ ফুটবল দল স্পেইনে।
২০১০ চনত পোন প্ৰথমবাৰৰ বাবে ঐতিহাসিক বিশ্বকাপ জয় কৰা স্পেইনৰ বাবে এইবাৰৰ বিশ্বকাপ আছিল বিশেষ।
কাৰণ ,২০২৬ ৰ বিশ্বকাপত এখনো মেচত পৰাজয়বৰণ নকৰাকৈ বিশ্বকাপৰ খিতাপ হস্তগত কৰাৰ অভিলেখ ৰচিলে স্পেইনে।
দেওবাৰে মাজনিশা শ্বাসৰুদ্ধকৰ ফাইনেলৰ মেচখনত স্পেইনে ১-০ গলত পৰাস্ত কৰে মেছিৰ অধিনায়কত্বৰ আৰ্জেন্টিনাক ।
আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছতো নিৰ্ধাৰিত ৯০ মিনিটত কোনো এটা দলে গ'ল স্কৰ কৰিব নোৱাৰিলে
।ফলাফল নিৰ্ণয়ৰ বাবে খেলা অতিৰিক্ত ৩০ মিনিটৰ খেলখনত ফুটবল প্ৰেমীৰ বুকুৰ ঢপঢপনি বাঢ়িছিল।
এনে লাগিছিল যি দলেই গ'ল কৰিব, সেই দলেই পিন্ধিব বিশ্ব চেম্পিয়নৰ মালা।
অৱশেষত,মেচৰ ১০৬ মিনিটত স্পেইনৰ হৈ একমাত্র বিজয়সূচক গ'লটো স্ক'ৰ কৰে ফেৰাণ টৰেছে।
আৰ্জিন্টিনাৰ অধিনায়ক মেছি-এ মেচৰ শেষ মুহুৰ্তলৈকে দলটোক জয়ৰ ছন্দলৈ উভতাই আনিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল।
কিন্তু খেলপথাৰত মেছিৰ যাদুকৰী দুভৰিক ৰোধিবলৈ স্পেইনৰ ৰক্ষণবিভাগে গঢ়ি তুলিলে এক অভেদ্য প্ৰাচীৰ।
মেছিৰ নেতৃত্বত দলে বিপক্ষৰ গ'লপোষ্টত কেইবাটাও আক্ৰমণ কৰিছিল যদিও স্পেইনৰ নিখুঁত দলগত খেলৰ ওচৰত সেও মানিলে আৰ্জেন্টিনাই।
মেচৰ দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ত ৰঙা কাৰ্ডৰ সন্মুখীন হয় আৰ্জেন্টিনাৰ তাৰকা খেলুৱৈ এনজো ফাৰ্ণাণণ্ডেজ।
ফলত ১০ জনৰে খেলি খেলপথাৰত বিপৰ্যয়ৰ সন্মুখীন হ'ল আৰ্জেন্টিনা
।
এক কথাত, "ফিফা বিশ্বকাপ-২০২৬" ৰ ফাইনেলৰ মহাৰণত নচলিল মেছিৰ মেজিক।খেলৰ অন্তিম ক্ষণলৈকে বিশ্বৰ কোটি কোটি অনুৰাগী-এ আশা কৰিছিল মেছি-এ এটা মাথোন গ'ল কৰি মেচখনৰ গতি সলনি কৰিব।কিন্তু সেয়া হৈ নুঠিল।স্পেইনে দিয়া একমাত্র গ'লটো পৰিশোধ কৰিব নোৱাৰিলে আৰ্জেন্টিনাই।মেচৰ অন্তিম মুহুৰ্তত ৰেফাৰীৰ ফাইনেল হুছেইল বাজি উঠাৰ লগে লগে ১-০ গ'লত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিলে স্পেইনে।গেলাৰীত থকা ৮০ হাজাৰ দৰ্শকৰ সন্মুখত চেম্পিয়ন হোৱাৰ আনন্দ উদযাপন কৰিলে স্পেইনৰ প্ৰতিগৰাকী খেলুৱৈ-এ।বিশ্বকাপৰ ট্ৰফীত স্পেইনৰ খেলুৱৈ-এ দিলে আৱেগভৰা চুম্বন।আনহাতে, একেবাৰে কাষলৈ আহিও বিশ্বকাপ জয়ৰ সূবৰ্ণ সুযোগ হেৰুৱাই কান্দোনত ভাঙি পৰিল আৰ্জেন্টিনাৰ ফুটবলাৰ ।হাজাৰ হাজাৰ অনুৰাগীৰ কোলাহলত চকুলো বৈ আহিল বিশ্বফুটবলৰ মহাতাৰকা লিঅ'নেল মেছিৰ।এটা সময়ত খেলপথাৰতে বহি পৰিল মেছি।ডিঙিত ৰূপৰ মেডেল পিন্ধি উপাইবিহীনভাৱে চাই ৰ'ল ষ্টেডিয়ামৰ গেলাৰীলৈ।
মেছিৰ এই পৰাজয় আৱেগিক এক অধ্যায় হৈ ৰ'ব বিশ্বকাপৰ ইতিহাসত।২০২৬ ৰ "ফিফা বিশ্বকাপ"ত ৮ টা গ'লেৰে "গ'ল্ডেন বুট"ৰ দৌৰত শীৰ্ষত থাকিও অৱশেষত থমকিল ৰ'ল মেছি।বিপৰীতে,১০ টা গ'ল স্কৰ কৰি "গ'ল্ডেন বুট"ৰ গৰাকী হ'ল ফ্ৰান্সৰ অধিনায়ক এমবাপ্পে।
উল্লেখ্য যে, স্পেইনৰ তাৰকা খেলুৱৈ ৰড্ৰি-এ লাভ কৰিলে "গ'ল্ডেন বল"।সেইদৰে ,"গ'ল্ডেন গ্ল'ভ"ৰ অধিকাৰী হ'ল স্পেইনৰ গ'লৰক্ষক উনাই ছিমন ।আনহাতে ,"শ্ৰেষ্ঠ যুৱ খেলুৱৈ"ৰ সন্মান লাভ কৰিলে স্পেইনৰ পাউ কুবাৰ্চি-এ ।


0 Comments