মঙলবাৰৰ পৰা মণিপুৰত ডুৰাণ্ড কাপৰ খেল

July 27, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ প্ৰতিযোগিতা"ৰ খেল মংগলবাৰৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফলত আৰম্ভ হ’ব৷ খুমান লাম্পাক ষ্টেডিয়ামত বিয়লি ৫ বজাত হ’বলগা গ্ৰুপ ‘ডি’ৰ প্ৰথমখন মেচত স্থানীয় দুই দল ট্ৰাউ এফ চি আৰু নেৰোকা এফ চি মুখামুখি হ’ব৷

উল্লেখ্য যে ভাৰতীয় সেনাই ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে মণিপুৰত ডুৰাণ্ড কাপৰ খেল আয়োজন কৰিছে৷ ২০২২ চনত প্ৰথমবাৰৰ বাবে মণিপুৰে ঐতিহাসিক ডুৰাণ্ড কাপ আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছিল৷ কিন্তু মাজতে দুটা বছৰ ৰাজ্যখনত ফুটবল প্ৰতিযোগিতাখনৰ খেল হোৱা নাছিল যদিও যোৱা বছৰ পুনৰ ভাৰতীয় সেনাই মনিপুৰলৈ লৈ আনে ঐতিহাসিক ডুৰাণ্ড কাপ৷

এইবাৰ ইম্ফলত গ্ৰুপ ‘ডি’ৰ ছখনকৈ খেল অনুষ্ঠিত হ’ব৷ ভাৰতীয় নৌ সেনাৰ ফুটবল দল আৰু মণিপুৰৰে এফ চি ৰাইদাই গ্ৰুপ ‘ডি’ত থকা বাকী দুটা দল৷ উল্লেখ্য যে মনিপুৰৰ তৃতীয় ক্লাবৰূপে ডুৰাণ্ড কাপত অভিষেক কৰিব এফ চি ৰাইদাই দলে৷

ইফালে, প্ৰতিযোগিতাৰ মংগলবাৰে হ’বলগা দ্বিতীয় মেচত ছাউথ ইউনাইটেড এফ চি দলে চিআইএছএফ প্ৰটেকটৰ্ছৰ বিৰুদ্ধে খেলিব৷ নিশা ৭.৩০ বজাত গ্ৰুপ ‘এ’ৰ এই মেচখন কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব৷

ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী হোৱাৰ লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *