গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শনিবাৰৰ পৰা চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল"ৰ গ্ৰুপ ‘এফ’ৰ মেচ অনুষ্ঠিত হ’ব৷ আবেলি ৫ বজাত হ’বলগা প্ৰথমখন খেলত প্ৰতিযোগিতাৰ যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে অসমৰে শক্তিশালী ক্লাব বড়োলেণ্ড এফ চিৰ মুখামুখি হ’ব৷
ইয়াৰপূৰ্বে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি স্থল আৰু বায়ু সেনাৰ জোৱানৰ দ্বাৰা কিছু দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰি এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰা হ’ব৷ ৩০ মিনিটৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিশ্বজিত দৈমাৰীৰ লগতে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব৷
উল্লেখ্য যে ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক ঐতিহাসিক ডুৰাণ্ড কাপৰ খেল ২০২২ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল৷ এই ধাৰা অব্যাহত ৰাখি ভাৰতীয় সেনাই ৰাজ্য চৰকাৰৰ সহযোগত অসমত ডুৰাণ্ড কাপ আয়োজন কৰি আহিছে৷ যোৱা দুবছৰ গুৱাহাটীৰ পৰিবৰ্তে কোকৰাঝাৰত বি টি আৰ প্ৰশাসনৰ সহযোগিতাত প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ পুনৰ সৰুসজাইলৈ ডুৰাণ্ড কাপ প্ৰত্যাবৰ্তন কৰিছে৷
গুৱাহাটীত গ্ৰুপৰ মুঠ ৬ খন খেল অনুষ্ঠিত হ’ব৷ গ্ৰুপ ‘এফ’ ৰ অন্য দুটা দল হ’ল জন্মু-কাশ্মীৰৰ এফ চি ওৱান আৰু অসমৰে কাৰ্বি আংলং মৰ্ণিংষ্টাৰ এফ চি৷ প্ৰতিযোগিতাৰ সূচী অনুসৰি সৰুসজাইত ১, ৩, ৬,৮ , ১১ আৰু ১৩ আগষ্টত খেল অনুষ্ঠিত হ’ব৷
ইফালে, শুক্ৰবাৰৰ পৰা প্ৰতিযোগিতাৰ গ্ৰুপ ‘ই’ৰ খেল শ্বিলঙত আৰম্ভ হৈছে৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী মেচত শ্বিলং লাজং এফ চি দলে ২-০ গলত নংকেশ এছ এছ চি চিক পৰাস্ত কৰে৷ দলৰ হৈ খেলৰ ৭০ মিনিটত ছানাই প্ৰথমটো গল কৰাৰ পাছত ৮৬ ট্ৰেমিকিয়ে দ্বিতীয়টো গল দিয়ে৷
উল্লেখ্য যে ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷


0 Comments