শুৱালকুছিত পঞ্চম ৰাষ্ট্ৰীয় জেভলিন দিৱস উদযাপন, শতাধিক খেলুৱৈৰ অংশগ্ৰহণ

August 7, 2026

K

Gogo Sports NE

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশনাত আৰু অসম এথলেটিকছ সন্থাৰ তত্বাৱধানত, স্পোৰ্টছ একাডেমী অফ শুৱালকুছিৰ উদ্যোগত তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত শুক্ৰবাৰে শুৱালকুছিৰ মাধৱদেৱ ক্ষেত্ৰত পঞ্চম ৰাষ্ট্ৰীয় "জেভলিন দিৱস–২০২৬ " উদযাপন আৰু কামৰূপ জিলা ভিত্তিত জেভলিন থ্ৰ' প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হয়।
এই প্ৰতিযোগিতাত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ ১০খনতকৈ অধিক বিদ্যালয়, শুৱালকুছি মহাবিদ্যালয়ৰ লগতে কেইবাখনো ক্ৰীড়া একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কামৰূপ জিলাৰ মহকুমা ক্ৰীড়া বিষয়া পংকজ ভঁৰালীয়ে। উদ্বোধনী ভাষণত তেওঁ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নিৰজ চোপ্ৰাৰ সাফল্যই দেশজুৰি জেভলিন খেলৰ প্ৰতি সৃষ্টি কৰা নতুন আগ্ৰহৰ কথা উল্লেখ কৰি অসমৰ উদীয়মান খেলুৱৈসকলক এই খেলৰ জৰিয়তে আগবাঢ়ি যাবলৈ আহ্বান জনায়। প্ৰতিযোগিতাৰ পিছতেই অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে, অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই ভাৰতীয় জেভলিন খেলক বিশ্বদৰবাৰত এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। তেখেতে আয়োজকসকলৰ এই ব্যতিক্ৰমী পদক্ষেপক শলাগ লৈ এনে অনুষ্ঠানৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকল আগবাঢ়ি অহাৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে যুৱ প্ৰজন্মক খেল-ধেমালিৰ সৈতে অধিক জড়িত হৈ সুস্থ আৰু শৃংখলাবদ্ধ সমাজ গঢ়াৰ আহ্বান জনায়।
প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ১৬ নং শুৱালকুছি জিলা পৰিষদৰ সদস্য ধীৰাজ মহন্ত, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক উত্তম ব্ৰহ্ম আৰু কামৰূপ জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক সুবল ৰামচিয়াৰী। অতিথিসকলে বিজয়ী খেলুৱৈসকলৰ হাতত পদক প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে। আয়োজকসকলে আশা প্ৰকাশ কৰে যে এনে অনুষ্ঠানৰ জৰিয়তে জেভেলিন খেলৰ অধিক প্ৰচাৰ-প্ৰসাৰ ঘটাৰ লগতে ৰাজ্যৰ নতুন প্ৰতিভাসমূহ আগবাঢ়ি অহাৰ এক সুন্দৰ মঞ্চ সৃষ্টি হ'ব।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *