১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃশনিবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ সন্মুখত মৰ্ণিংষ্টাৰ এফ চি

August 7, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত ৰাজকীয় অভিযান আৰম্ভ কৰাৰ পাছত শনিবাৰে গুৱাহাটীত নিজৰ দ্বিতীয় মেচখন খেলিব৷ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগা গ্ৰুপ ‘এফ’ৰ চতুৰ্থখন মেচত শনিবাৰে নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিদ্বন্দ্বী অসমৰ ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চি ৷ সন্ধিয়া ৭ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰাই আলাদিনৰ হেট্ৰিকৰে নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমখন মেচত অসমৰে আন এটা ক্লাব বড়োলেণ্ড এফ চিক ৬-০ গলত পৰাস্ত কৰি ছিজনৰ চমকপ্ৰদ আৰম্ভণি কৰিছে৷ দলৰ লক্ষ্য যে ডুৰাণ্ড কাপত চেম্পিয়নৰ হেট্ৰিক অৰ্জন কৰা সেয়া প্ৰথম মেচতে প্ৰশিক্ষক পেড্ৰ’ বেনালী-এ নিজৰ ৰণনীতিৰে প্ৰতিফলিত কৰিছে৷

ইফালে, এফ চি ওৱানৰ বিৰুদ্ধে প্ৰথম মেচত পৰাস্ত হোৱা কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বাবে শনিবাৰৰ মেচ কায্যতঃ মৰণপণ৷ পৰাজয় বা ড্ৰ মানেই দলৰ প্ৰতিযোগিতাৰ পৰা বিদায় নিশ্চিত৷

ইফালে, প্ৰতিযোগিতাৰ শুক্ৰবাৰে ৰাছিৰ বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন খেলত এছ চি দিল্লীয়ে বৃহৎ ব্যৱধানত জয়ী হৈ ৰাজকীয় অভিযান আৰম্ভ কৰিছে৷ গ্ৰুপ ‘চি’ৰ এখন একপক্ষীয় মেচত দলে ৭-০ গলত পৰাস্ত কৰে ডিফেণ্ডাৰ্ছ এফ চিক৷ দিল্লী দলৰ হৈ ৰ’দ্ৰিগুনহোই হেট্ৰিকসহ পাঁচটা গল দিয়ে৷

প্ৰতিযোগিতাখনৰ শনিবাৰে দ্বিতীয়খন মেচ শ্বিলঙত অনুষ্ঠিত হ’ব৷ জৱহৰলাল নেহৰু ষ্টেডিয়ামত শনিবাৰে ৪ বজাত হ’বলগা গ্ৰুপ ‘ই’ৰ মেচত শ্বিলং লাজং দলে আই এছ এল দল মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে খেলিব৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন স্পৰ্টছ’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *