১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,নৰ্থ ইষ্ট ইউনাইটেডৰ এফ চিৰ ক্ৰমাগত দ্বিতীয় জয়

August 8, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ত ক্ৰমাগত দ্বিতীয় মেচত জয়ৰে গ্ৰুপত নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ ৰাজকীয় জয়ৰে অভিযান আৰম্ভ কৰা দলে শনিবাৰে দ্বিতীয় মেচখন মেচত প্ৰতিদ্বন্দ্বী অসমৰ ক্লাব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৪-১ গলত পৰাস্ত কৰে৷

অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ মেচখনৰ প্ৰথমাৰ্ধত উভয় দলে এটাকৈ গল কৰিছিল৷ খেলৰ ৭ মিনিটতে নৰ্থ ইষ্ট দলে লাভ কৰা পেনাল্টিক মৰক্কোৰ তাৰকা ষ্টাইকাৰ আজাৰায়ে গল কৰি দলক প্ৰথমে অগ্ৰগতি দিয়ে৷ কিন্তু মৰ্ণিং ষ্টাৰৰ হৈ ২৭ মিনিট কেড্ৰিক জুনিয়ৰে গল কৰি মেচত ১-১ ত সমতা স্থাপন কৰে৷

কিন্তু দ্বিতীয়াৰ্ধত প্ৰশিক্ষক পেড্ৰ' বেনালী-এ ৰণনীতি সলনি কৰি আক্ৰমণত অতিৰিক্ত খেলুৱৈক সুযোগ দিয়ে৷ ৪৮ মিনিটত আজাৰায়ে দ্বিতীয় গল কৰাৰ পাছত মেকাৰটনে ৮৩ মিনিটত ব্যৱধান ৩-১ কৰিবলৈ সক্ষম হয়৷ আনহাতে, ইঞ্জৰী টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ চতুৰ্থটো গল কৰে ইথিয়ানে৷

উল্লেখ্য যে, নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথমখন মেচত অসমৰে আন এটা ক্লাব বড়োলেণ্ড এফ চিক ৬-০ গলত পৰাস্ত কৰিছিল৷ গ্ৰুপৰ অন্তিম মেচ দলে জন্মু-কাশ্মীৰৰ এফ চি ওৱানৰ বিৰুদ্ধে খেলিব৷ অহা ১১ আগষ্টত এই মেচখন অনুষ্ঠিত হ’ব৷

ইফালে,শনিবাৰৰ মেচত পৰাজয়ৰ পাছত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ বিদায় নিশ্চিত হৈছে৷ ইয়াৰপূৰ্বে দলে এফ চি ওৱানৰ বিৰুদ্ধে প্ৰথম মেচত পৰাস্ত হৈছিল ৷ অন্তিম মেচত দলে অহা ১৩ আগষ্টত বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব৷

প্ৰতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত হোৱা আন এখন মেচত শ্বিলং লাজং দলে আই এছ এল দল মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ৫-০ গলত জয়লাভ কৰিছে৷ শ্বিলঙৰ জৱহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা গ্ৰুপ ‘ই’ৰ মেচখনত লাজঙৰ হৈ ছানাই দুটা তথা ফিগো, ট্ৰেমিকি আৰু অভয়ে এটাকৈ গল দিয়ে৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *