গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ মংগলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত অনুষ্ঠিত ট্ৰাউ এফ চি আৰু নেৰোকা এফ চিৰ মাজৰ ডাৰ্বি মেচখন গলশূণ্য ড্ৰৰে সমাপ্ত হয়৷ উভয় দলে এক পইণ্টকৈ লাভ কৰে৷ স্থানীয় খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ প্ৰথমখন মেচ উপভোগ কৰিবলৈ উভয় দলৰে ফুটবলপ্ৰেমীয়ে উৎসাহ প্ৰদৰ্শন কৰিছিল যদিও দূয়োটা দলৰ ষ্ট্ৰাইকাৰৰ বিফলতাই দৰ্শকক নিৰাশ কৰে৷
এই ষ্টেডিয়ামতে অহা ৩০ জুলাইত হ’ব লগা পৰবৰ্তী মেচত ভাৰতীয় নৌ সেনাৰ ফুটবল দলে মণিপুৰৰে এফ চি ৰাইদাই দলৰ বিৰুদ্ধে গ্ৰুপ ‘ডি’ৰ দ্বিতীয়খন মেচত অংশ ল’ব৷ উল্লেখ্য যে ভাৰতীয় সেনাই ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে মণিপুৰত ডুৰাণ্ড কাপৰ খেল আয়োজন কৰিছে৷ এইবাৰ ইম্ফলত গ্ৰুপ ‘ডি’ৰ ছখনকৈ খেল অনুষ্ঠিত হ’ব৷
ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী হোৱাৰ লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷
প্ৰতিযোগিতাৰ বুধবাৰে হ’বলগা একমাত্ৰ মেচত ভাৰতীয় বায়ু সেনাৰ ফুটবল দলে শ্ৰীলংকাৰ ডিফেণ্ডাৰ্ছ এফ চি বিৰুদ্ধে খেলিব৷ ৰাঁচিৰ বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত গ্ৰুপ ‘চি’ৰ মেচখন নিশা ৭ বজাত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে প্ৰথমখন মেচত শ্ৰীলংকাৰ দলটো ৫-০ গলত পৰাস্ত হৈছিল৷


0 Comments