১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,আজাৰাইৰ হেট্ৰিক ,নৰ্থ ইষ্ট ইউনাইটেডৰ চমকপ্ৰদ জয়

August 1, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন

ট্ৰফী জয়ৰ গৌৰৱময় হেট্ৰিক অৰ্জনৰ লক্ষ্যৰে নতুন ছিজন আৰম্ভ কৰা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল"ত প্ৰত্যাশিতভাবে জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ শনিবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ প্ৰথমখন মেচত দলে ৬-০ গলত পৰাস্ত কৰে অসমৰে আন এটা ক্লাব বড়োলেণ্ড এফ চিক৷

দলৰ এই চমকপ্ৰদ বিজয়ৰ নায়ক হ’ল এবছৰৰ পাছত প্ৰত্যাবৰ্তন কৰা বিদেশী ষ্টাইকাৰ আলাদিন আজাৰাই৷ প্ৰত্যাবৰ্তনৰ প্ৰথম মেচতে হেট্ৰিক অৰ্জন কৰে মৰক্কোৰ তাৰাকাগৰাকীয়ে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক পেড্ৰ’ বেনানীয়ে খেলৰ আৰম্ভণিৰ পৰাই আক্ৰমণৰ ৰণনীতি লৈ বিপক্ষক চাপত ৰাখে৷ কিন্তু দলে প্ৰথমটো গল কৰিবলৈ সক্ষম হয় প্ৰথমাৰ্ধৰ অন্তিম ক্ষণত ইঞ্জুৰী টাইমত৷ আজাৰায়ে [৪৫ মিনিট] দলক ১-০ ৰ অগ্ৰগতি দিয়ে৷

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত লালৰিনজুৱালাই ৫৮ মিনিটত গল কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি ২-০ কৰাৰ পাছত আজাৰায়ে ৬৭ মিনিটত দ্বিতীয়টো গল কৰে৷ আনহাতে, এশ সংখ্যক মেচ খেলা ৰিডিমে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ ৭০ মিনিটত চতুৰ্থটো গল কৰে৷ ৮৬ মিনিটত আজাৰায়ে হেট্ৰিক অৰ্জন কৰি দলক তৃতীয় ছিজনৰ বাবে ডুৰাণ্ড কাপ দিয়াৰ আশা সজীৱ কৰে৷

উল্লেখ্য যে যোৱা দুটা বৰ্ষত নৰ্থ ইষ্ট ইউনাইটেডক ডুৰাণ্ড কাপৰ চেম্পিয়ন কৰাত আজাৰাইৰ ভূমিকা আছিল অনবদ্য৷ ইফালে, নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ ময়ানোই ৯০ মিনিটত ষষ্ঠটো গল কৰে৷

উল্লেখ্য যে ডুৰাণ্ড কাপৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *