১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃসোমবাৰে গুৱাহাটীত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে জন্মু-কাশ্মীৰৰ এফ চি ওৱান

August 2, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ সোমবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ ‘এফ’ৰ দ্বিতীয় খন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিয়ে জন্মু আৰু কাশ্মীৰৰ দল এফ চি ওৱানৰ বিৰুদ্ধে খেলিব৷ আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ দল বড়োলেণ্ড এফ চিৰ পাছতে ঐতিহাসিক ডুৰাণ্ড কাপ খেলা অসমৰ দ্বিতীয়টো ক্লাব৷ সোমবাৰে দলে ক্ৰমাগত দ্বিতীয়টো বৰ্ষত ডুৰাণ্ড কাপ খেলিব৷ অৱশ্যে সৰুসজাই ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে খেলিব কাৰ্বি আংলং মৰ্ণিং ষ্টাৰে৷ ইফালে, জন্মু আৰু কাশ্মীৰৰ দল এফ চি ওৱানে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ খেলিব৷

গুৱাহাটীৰ লগতে সোমবাৰে শ্বিলঙতো চলিত ডুৰাণ্ড কাপৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব৷ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা গ্ৰুপ ‘ই’ৰ মেচত আই এছ এলৰ চেম্পিয়ন মুম্বাই চিটি এফ চিয়ে মেঘালয়ৰ লাংছিং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ নিশা ৭ বজাত এই মেচ অনুষ্ঠিত হ’ব৷

ইফালে, দেওবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হোৱা গ্ৰুপ ‘বি’ৰ মেচত ছমলেশ্বৰী স্পৰ্টিং দলে ৩-২ গলত মহমেদান স্পৰ্টিং দলক পৰাস্ত কৰি অঘটন সৃষ্টি কৰে৷ প্ৰথমাৰ্ধত ছমলেশ্বৰীৰ হৈ বাছিতে ১১ মিনিটত আৰু তাৰেকে ২৭ মিনিটত গল কৰাৰ পাছত মহমেদানে ৬০ মিনিটত থানকিমা আৰু ৬৬ মিনিটত নগাহ-টাইৰ গলেৰে সমতা স্থাপন কৰিছিল যদিও ছমলেশ্বৰীৰ হৈ যোশীয়ে ৮১ মিনিটত বিজয়সুচক গলটো কৰে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *