১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃজামছেদপুৰৰ বিৰুদ্ধে এফ চি দিল্লীৰ জয়

August 4, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ মংগলবাৰে ৰাঁচিত হোৱা দিনটোৰ প্ৰথমখন মেচত অঘটন সৃষ্টি কৰি আই এছ এলৰ দল জামছেদপুৰ এফ চিৰ বিৰুদ্ধে এছ চি দিল্লী দলে ২-১ গলত জয়লাভ কৰিছে৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ ‘চি’ৰ মেচখনত ঘৰুৱা দলে প্ৰথমে গল কৰিও পইণ্ট হেৰুৱাব লগা হয়৷

উল্লেখ্য যে খেলৰ ২২ মিনিটত ছানানে গল কৰি জামছেদপুৰ দলক প্ৰথমে অগ্ৰগতি দিয়ে৷ বিৰতিলৈ দল ১-০ ত আগবাঢ়ি থাকে৷ কিন্তু দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত সফল প্ৰত্যাৱৰ্তন কৰে দিল্লীয়ে৷ দলৰ হৈ দুটাকৈ গল কৰে হনামটে৷ ৫১ মিনিট প্ৰথমটো গল কৰি মেচত সমতা স্থাপন কৰা হনামটে ৫৬ মিনিটত দ্বিতীয়টো গল কৰি মেচত অগ্ৰগতি লয়৷ পৰবৰ্তী সময়য়ত জামছেদপুৰে গল কৰাৰ চেষ্টা কৰিও বিফল হয়৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

প্ৰতিযোগিতাৰ বুধবাৰে হ’বলগা প্ৰথম মেচত নেৰ’কা এফ চিয়ে ভাৰতীয় নৌ সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ আবেলি ৪ বজাত এই খেলখন মনিপুৰৰ ইম্ফল খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইফালে, নিশা ৭ বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত হ’বলগা গ্ৰুপ ‘বি’ৰ এখন মেচত ভাৰতীয় সেনাৰ ফুটবল দৰে বাঘপট এফ চিৰ বিৰুদ্ধে খেলিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *