১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,বৃহস্পতিবাৰে গুৱাহাটীত এফ চি ওৱান-বড়োলেণ্ড এফ চি

August 5, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত কাইলৈৰ চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ গ্ৰুপ ‘এফ’ৰ তৃতীয়খন মেচত অসমৰ ক্লাব বড়োলেণ্ড এফ চিয়ে জন্মু আৰু কাশ্মীৰৰ দল এফ চি ওৱানৰ বিৰুদ্ধে খেলিব৷ আবেলি ৪ বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে প্ৰতিযোগিতাত আশা সজিৱ ৰখাৰ দৃষ্টিকোনোৰে বড়োলেণ্ড এফ চিৰ বাবে বৃহস্পতিবাৰে মেচখন মৰণপণ৷ কাৰণ প্ৰথম মেচত দলে ৬ টা গলৰ বৃহৎ ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷ এতিয়া কাইলৈ জয়লাভ কৰিলেহে পৰবৰ্তী ৰাউণ্ডলৈ দুৱাৰ মুকলি থাকিব৷ এই গুৰুত্বপূৰ্ণ মেচত দলৰ তাৰকা ষ্ট্ৰাইকাৰ ভাৰতীয় দলৰ সদস্য অসম সন্তান হলীচৰণ নাৰ্জাৰীৰ ভূমিকা স্বাভাৱিকতে বড়োলেণ্ড এফ চিৰ বাবে নিৰ্ণায়ক হ’ব৷

ইফালে, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত খেলিয়ে ডুৰাণ্ড কাপত স্বপ্নৰ অভিষেক কৰা জন্মু আৰু কাশ্মীৰ এফ চি ওৱান দলে জয়ৰে অভিযান আৰম্ভ কৰি কাইলৈৰ মেচৰ বাবে আত্মবিশ্বাসী হৈ আছে৷ ডুৰাণ্ড কাপ্নৰ অভিষেক মেচখনত দলে পৰাস্ত কৰিছিল অসমৰ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰক৷ অৱশ্যে কাইলৈ তুলনামুলকভাবে শক্তিশালী বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে এফ চি ওৱানৰ পথ সহজ নহ’ব৷

ইফালে, ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে গ্ৰুপ ‘ই’ৰ ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা এখন মেচত লাংছিং এফ চিয়ে নংকেশ এছ এছ চি চিৰ বিৰুদ্ধে খেলিব৷ নিশা ৭ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷

প্ৰতিযোগিতাৰ বুধবাৰে হোৱা প্ৰথম মেচত মনিপুৰৰ নেৰ’কা এফ চিক ২-০ গলত পৰাস্ত কৰি ভাৰতীয় নৌ সেনাৰ ফুটবল দলেৰ প্ৰথম জয়ৰ মুখ দেখিছে৷ ইম্ফল খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতীয় নৌ সেনাৰ হৈ খেলৰ ২৩ মিনিটত ৰ’ছন পান্নাই প্ৰথমটো গল দিয়াৰ বিপৰীতে মহম্মদ ইনয়াথে ৬৫ মিনিটত দ্বিতীয়টো গল দিয়ে৷

উল্লেখ্য যে ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *