গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
ৰাজস্থান জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়াম চুইমিং পুলত অনুষ্ঠিত হৈছে "৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা" । এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমকন্যা কস্তুৰী গগৈ-এ ।
১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ'কত কস্তুৰী গগৈ-এ জিনিলে স্বৰ্ণ পদক। ১:১৬.৮২ ছেকেণ্ডেৰে এই সাফল্য লাভ কৰে কস্তুৰী-এ।
অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে খেলুৱৈ গৰাকীক জনাইছে শুভেচ্ছা।


0 Comments