গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
মেঘালয় পেঞ্চাক চিলাট সন্থা আৰু ভাৰতীয় পেঞ্চাক চিলাট মহাসংঘৰ যৌথ উদ্যোগত ৫ ৰ পৰা ৮ জুলাই তাৰিখে মেঘালয়ৰ শ্বিলংস্থিত নেহুত অনুষ্ঠিত হোৱা "চতুৰ্দশ ৰাষ্ট্ৰীয় ছিনিয়ৰ আৰু মাষ্টাৰাছ পেঞ্চাক চিলাট প্ৰতিযোগিতা:২০২৬" ত অসমে ৩ টা সোণৰ, ৩ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৯ টা পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। চাৰিদিনিয়া কাৰ্য্যসূচীৰে আয়োজিত প্ৰতিযোগিতাৰ শুভ উদ্ধোধনী অনুষ্ঠানত মেঘালয়ৰ ৰাজ্যপাল চি.এইচ. বিজয়শংকৰ আৰু মেঘালয় অলিম্পিক কেইবাগৰাকী পদাধিকাৰী উপস্থিত থাকে। দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১৪০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগীতাখনত অসম দলটিৰ নেতৃত্ব দিয়ে পেঞ্চাক চিলাট সন্থাৰ কাৰ্য্যালয় সম্পাদিকা নিৰ্মালী বৰা আৰু ৰাষ্ট্ৰীয় বিচাৰক আৰু প্ৰশিক্ষক ওম চন্দ্ৰ চেত্ৰীয়ে। অসম পেঞ্চাক চিলাট সন্থাৰ সহঃ সম্পাদক স্বপন বড়ো, ৰবিজিত ৰাজকুমাৰ, ভাস্কৰ ডেকা, মহবুব ৰহমান, মনোজ ছাহ আৰু গুণগুণ যাদৱে প্ৰতিযোগীতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে।
ৰাজখনৰহৈ ধেমাজি জিলাৰ খেম কুমাৰী প্ৰধানে সোণৰ পদক, জুছী ডেকাই ৰূপৰ, ওডালগুৰি জিলাৰ চান্দনী খাতুনে ৰূপৰ, লখিমপুৰ জিলাৰ নিলোৎপল নিলয় ফুকনে ব্ৰঞ্জৰ, শোণিতপুৰ জিলাৰ চন্দ্ৰমা মেধি ডেকাই ব্ৰঞ্জৰ আৰু ঘোলাঘাট জিলাৰ মণিকা বড়োৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মাষ্টাৰছ শিতানত গোলাঘাট জিলাৰ সত্যনাথ বড়োৱে টুংগল বিভাগত সোণৰ তথা টেণ্ডিং বিভাগত ৰূপৰ আৰু যোৰহাট জিলাৰ বুবু শইকীয়াই টেণ্ডিং বিভাগত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।
উল্লেখ্য যে অসম পেঞ্চাক চিলাট সন্থাৰ উপ-সভাপতি মৃদূল প্ৰবন জোন উক্ত প্ৰতিযোগিতাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।


0 Comments