গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অহা ২৫-৩০ আগষ্টলৈ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অসম ৰাইফল আৰু শ্বুটিং সন্থাই আয়োজন কৰিছে "১৩ সংখ্যক নৰ্থ ইষ্ট জ'ন শ্বুটিং চেম্পিয়নশ্বিপ"।এতিয়ালৈকে ২১০ গৰাকী পুৰুষ আৰু ১০২ গৰাকী মহিলাসহ মুঠ ৩১২ গৰাকী শ্বুটাৰে প্ৰতিযোগিতাৰ বাবে কৰিছে পঞ্জীয়ন।
ছাব-য়ুথ,য়ুথ,জুনিয়ৰ,ছিনিয়ৰ ,মাষ্টাৰ্ছ,ছিনিয়ৰ মাষ্টাৰ্ছ,চুপাৰ মাষ্টাৰ্ছ শাখাৰ উপৰি দিব্যাংগ খেলুৱৈৰ বাবেও আছে বিশেষ শাখা।এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসম,মেঘালয়,মণিপুৰ,নাগালেণ্ড,মিজোৰাম,অৰুণাচল প্ৰদেশ,চিকিমৰ উপৰি আৰ্মি মাৰ্কছমেনশ্বিপ ইউনিট আৰু আছাম ৰাইফলছ মাৰ্কছমেনশ্বিপ ইউনিটে।অসমক প্ৰতিনিধিত্ব কৰিব মুঠ ১৫৬ গৰাকী শ্বুটাৰে।অনুষ্ঠিত হ'বলগা ইভেন্ট সমূহ হ'ল- ১০ মিটাৰ এয়াৰ পিষ্টল,১০ মিটাৰ এয়াৰ ৰাইফল,২৫ মিটাৰ স্পৰ্টছ পিষ্টল,২৫ মিটাৰ ষ্টেণ্ডাৰ্ড পিষ্টল,২৫ মিটাৰ চেন্টাৰ ফায়াৰ পিষ্টল ,৫০ মিটাৰ থ্ৰি' প'জিচন পিপ চাইট ৰাইফল,৫০ মিটাৰ প্ৰ'ণ ৰাইফল,৫০ মিটাৰ ফ্ৰি' পিষ্টল আৰু ট্ৰেপ শ্বুটিং।
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই ঘোষণা কৰে "অসম ৰাইফল আৰু শ্বুটিং সন্থা"ৰ সভাপতি দিগন্ত বৰাই।


0 Comments