গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন
চতুৰ্থ সংস্কৰণৰ "জি এছ এ-য়ুথ এণ্ড কীডছ লীগ-২০২৬" আৰম্ভ ।গুৱাহাটী ক্ৰীড়া সন্থাৰ মহা আয়োজন।১৩০ টা ক্লাবৰ অংশগ্ৰহণ।
২০০০ শিশু ফুটবলাৰৰ সমাবেশ।শিশু ফুটবলাৰৰ কোলাহলত জীপাল জ'জ খেলপথাৰ ।
শনিবাৰৰ পৰা গুৱাহাটীৰ জ'জ খেলপথাৰত আৰম্ভ হৈছে চতুৰ্থ সংস্কৰণৰ "জি এছ এ- য়ুথ এণ্ড কীডছ লীগ -২০২৬"।গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত তথা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ সহযোগত অনুষ্ঠিত এই ফুটবল লীগত অংশগ্ৰহণ কৰিছে মুঠ ১৩০ টা ক্লাবে ।কেইবাটাও বয়স গোটৰ শাখাৰ বাবে অনুষ্ঠিত ফুটবল লীগখনত সমাবেশ ঘটিছে প্ৰায় ২০০০ গৰাকী কণ-কণ ফুটবলাৰ আৰু যুৱ ফুটবলাৰৰ।গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ শিশু ফুটবলাৰ আৰু যুৱ ফুটবলাৰ সকলক এখন প্ৰতিযোগিতাৰ মঞ্চ প্ৰদান কৰি তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে
গুৱাহাটী ক্ৰীড়া সন্থাই বিগত ২০২৩ বৰ্ষৰ পৰা গ্ৰহণ কৰি আহিছে এই প্ৰশংসনীয় পদক্ষেপ।

শনিবাৰে আবেলি গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশচন্দ্ৰ দাসে জিএছএ-ৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাখন কৰিলে শুভাৰম্ভ ।
জ'জ খেলপথাৰত অনুষ্ঠিত লীগৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক ছাজাদ জাহিৰ হুছেইন,কোষাধ্যক্ষ কাজল পল চৌধুৰী,সহকাৰী সাধাৰণ সম্পাদক বাবলু চৌধুৰী,নভৰুজ মানোৱাৰ ,ক্ৰিকেট সম্পাদক নাছিৰ গুল খান ,ফুটবল সম্পাদক এল. প্ৰণৱ সিং আদি বিশিষ্ট ব্যক্তি ।"চতুৰ্থ জি এছ এ- য়থ এণ্ড কীডছ লীগ" ফুটবল টুৰ্ণামেন্টখনৰ সন্দৰ্ভত জনালে আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশচন্দ্ৰ দাসে।

ইফালে,প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হ'ব এই লীগৰ মেচসমূহ।প্ৰতিযোগিতাৰ প্ৰথমদিনা ৭ অনুৰ্ধ,৯ অনুৰ্ধ,১১ অনুৰ্ধ,১৩ অনুৰ্ধ খেলুৱৈ সকলে ক্ৰীড়াঙ্গনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন।আনহাতে, জ'জ খেলপথাৰৰ উপৰি ১৭ অনুৰ্ধ আৰু ১৯ অনুৰ্ধৰ বয়স গোটৰ খেলসমূহ অনুষ্ঠিত হ'ব উত্তৰ-গুৱাহাটীস্থিত "জি টি চি ফুটবল গ্ৰাউণ্ড"ত।অহা মাহৰ ২৩ তাৰিখে "চতুৰ্থ জি এছ এ- য়ুথ এণ্ড কীডছ লীগ"ৰ ফাইনেলৰ মেচ অনুষ্ঠিত হোৱাৰ কথা।

উদ্বোধনী দিনাৰ মেচ চাবলৈ জ'জ খেলপথাৰৰ গেলাৰীত দেখা গ'ল দৰ্শকৰ অভূতপূৰ্ব ভিৰ।কণ কণ খেলুৱৈৰ দুভৰিৰ যাদুত ৰোমাঞ্চিত হৈ পৰিল প্ৰতিগৰাকী দৰ্শক,, ক্ৰীড়া অনুৰাগীৰ আশা-সাফল্যমণ্ডিত হওঁক "চতুৰ্থ জি এছ এ- য়ুথ এণ্ড কীডছ লীগ -২০২৬" ।গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত অসমৰ ফুটবল ক্ষেত্ৰত সূচনা হওঁক নৱ দিগন্তৰ ।


0 Comments