লাভলীনালৈ অসম চৰকাৰৰ ৩০ লাখ টকাৰ আৰ্থিক উপহাৰ ,”লাভলীনা বক্সিং একাডেমী”লৈ বছৰি ১২ লাখ টকাৰ অনুদান

August 13, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

"কমনৱেলথ গেমছ"ত ৰূপজয়ী লাভলীনাক সম্বৰ্ধনা।হোটেল ৰেডিছন ব্লু'ত অসম এমেছাৰ বক্সিং সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান।
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী।"বক্সিং একাডেমী"ৰ বাবে অসম এমেচাৰ বক্সিং সন্থাৰে "বুজাবুজি চুক্তি" অসম চৰকাৰৰ ।"লাভলীনা বক্সিং একাডেমী"লৈ বছৰি ১২ লাখ টকা প্ৰদানৰ কথা ঘোষণা ক্ৰীড়ামন্ত্রীৰ।

গ্লাছগ'ৰ "কমনৱেলথ গেমছ"ৰ ৭৫ কেজি মহিলা শাখাত ৰূপজয়ী অসমকন্যা লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জ্ঞাপন কৰিলে অসম এমেছাৰ বক্সিং সন্থাই।বুধবাৰে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত সম্বৰ্ধনা অ

নুষ্ঠানত গামোচা,ফুলৰ থোপা,জাপি,শৰাই-এ তাৰকা খেলুৱৈ গৰাকীক উষ্ম সম্ভাষণ জনালে অসম এমেছাৰ বক্সিং সন্থাই।লগতে অসমৰ কেইবাটাও ৰাজ্যিক ক্ৰীড়া সন্থা তথা জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াই লাভলীনাক ৰাজহুৱাভাৱে জনালে সম্বৰ্ধনা।এই অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যৰ ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী,ক্ৰীড়া সঞ্চালক অংকুৰ ভঁৰালী,অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ,অসম এমেছাৰ বক্সিং সন্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, সম্পাদক হেমন্ত কুমাৰ কলিতা আদি বিশিষ্ট ব্যক্তি।
এই অনুষ্ঠানতে "লাভলীনা বক্সিং একাডেমী"লৈ বছৰি ১২ লাখ টকা প্ৰদানৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে বুলি জনালে ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী-এ।লগতে, "কমনৱেলথ গেমছ"ত পদক জয় কৰাৰ সুবাদত লাভলীনাই অসম চৰকাৰৰ পৰা লাভ কৰিবলগীয়া ৩০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ কথাও উল্লেখ কৰিলে ক্ৰীড়ামন্ত্রী গৰাকীয়ে।তদুপৰি,ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিতে অসম এমেচাৰ বক্সিং সন্থাৰ সৈতে এক "বুজাবুজি চুক্তি"ত স্বাক্ষৰ কৰিলে অসম চৰকাৰৰ ক্ৰীড়া বিভাগে।সেই অনুসৰি ৰাণীৰ ইনডৰ ষ্টেডিয়ামটো "বক্সিং একাডেমী" ৰূপে পৰিচালনা কৰিবলৈ অসম এমেচাৰ বক্সিং সন্থাৰ হাতত অৰ্পন কৰিলে ৰাজ্য চৰকাৰে ।

সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত ৰিঙৰ ৰাণী লাভলীনা বৰগোঁহাই।"লাভলীনা বক্সিং একাডেমী" পৰিচালনা কৰিবৰ বাবে বছৰি ১২ লাখ টকা প্ৰদান কৰাৰ ঘোষণা কৰা বাবে অসম চৰকাৰক ধন্যবাদ জনালে লাভলীনাই।লাভলীনাৰ পৰৱৰ্তী লক্ষ্য "এছিয়ান গেমছ"।

অলিম্পিক ,এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ দৰে তিনিখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাতে পদক জিনি ৰাজ্য ,দেশৰ লগতে লাভলীনাই অসমীয়া জাতিক গৌৰৱান্বিত কৰিলে ।"২০২৬ ৰ কমনৱেলথ গেমছ"ত পদকজিনা লাভলীনাক অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক "এছিয়ান গেমছ" আৰু ২০২৮ ৰ অলিম্পিকৰ বাবেও জনালে শুভকামনা।তদুপৰি,
অসম এমেচাৰ বক্সিং সন্থাৰ "বক্সিং একাডেমী" গঢ়ি তোলাৰ ক্ষেত্রত যি "বুজাবুজি চুক্তি" স্বাক্ষৰিত হ'ল তাৰ বাবেও ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক জনালে ধন্যবাদ ।

ক্ৰীড়া অনুৰাগীৰ আশা - "কমনৱেলথ গেমছ"ত পদকজয়ী লাভলীনা বৰগোহাইৰ আদৰ্শেৰে অনুপ্ৰাণিত হওক নৱপ্ৰজন্ম।
অসম এমেচাৰ বক্সিং সন্থাই আৰম্ভ কৰিবলগীয়া "বক্সিং একাডেমী"ৰ জৰিয়তে জন্ম লাভ কৰক হাজাৰ গৰাকী লাভলীনা বৰগোঁহাইৰ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *