গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
বিশ্বনাথত "৩৪ সংখ্যক ৰাষ্ট্ৰীয় নৱোদয় মহিলা ফুটবল প্ৰতিযোগিতা"।১০ টা ৰি'জনৰ নৱোদয় বিদ্যালয়ৰ অংশগ্ৰহণ।
প্ৰায় ৩৫০ গৰাকী উদিয়মান মহিলা খেলুৱৈৰ সমাবেশ।উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি প্ৰাক্তন ফুটবলাৰ মলং আও।
বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ২০ ৰ পৰা ২২ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে "৩৪ সংখ্যক ৰাষ্ট্ৰীয় নৱোদয় মহিলা ফুটবল প্ৰতিযোগিতা"।ক্ৰীড়া প্ৰতিভাক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই বৃহৎ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে দেশৰ নৱোদয় বিদ্যালয়ৰ সৰ্বমুঠ ১০ টা ৰি'জনৰ প্ৰায় ৩৫০ গৰাকী মহিলা ফুটবলাৰে।প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ১০ টা ৰিজন হ'ল ক্ৰমে-- আহমেদাবাদ,শ্বিলং,পাটনা,ভূপাল,চণ্ডিগড়,ভূৱনেশ্বৰ,হায়দৰাবাদ,জয়পুৰ,লক্ষ্ণৌ আৰু পুনে।
প্ৰতিযোগিতাৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত মুখ্য উদ্বোধক ৰূপে উপস্থিত থাকিল ১৯৯৩-৯৪ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত "তৃতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া"ৰ অসম ফুটবল দলৰ অধিনায়ক তথা প্ৰাক্তন ডি এছ পি মলং আও।মুখ্য অতিথিৰ ভাষণত মহিলা খেলুৱৈসকলক প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে খেলুৱৈ সুলভ মনোভাৱেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।তদুপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল বিশ্বনাথ জিলা আয়ুক্ত কৰবী শইকীয়া।ইফালে,বিশ্বনাথ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ কুমাৰ বাৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি সমগ্ৰ দেশৰ পৰা অহা অতিথি তথা খেলুৱৈসকলক জনালে উষ্ম আদৰণি।
ক্ৰীড়া অনুৰাগীৰ আশা-"৩৪ সংখ্যক ৰাষ্ট্ৰীয় নৱোদয় মহিলা ফুটবল প্ৰতিযোগিতা"।
এনে প্ৰতিযোগিতাৰ আঁচলত ধৰি ক্ৰীড়াঙ্গনত বহুদূৰ আগুৱাই যাওক দেশৰ নৱোদয় বিদ্যালয়ৰ অন্তৰ্গত মহিলা খেলুৱৈ ।


0 Comments