গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
কামৰূপ মেট্ৰত "৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা"ৰ আৰম্ভণি। উদ্বোধনী মেচত অসম পুলিছ বনাম হ'ক ফুটবল একাডেমী। প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ আনন্দ দাসে কৰিলে প্ৰতিযোগিতা উদ্বোধন।

মংগলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে "৭১ সংখ্যক বৰদলৈ ট্ৰফী" ফুটবলৰ জিলা পৰ্যায়ৰ মেচ। সেই অনুসৰি, কামৰূপ মেট্ৰৰ জিলা পৰ্যায়ৰ মেচ সমূহ অনুষ্ঠিত হৈছে উত্তৰ গুৱাহাটী স্থিত ফুলুঙৰ জিটিচি ফুটবল একাডেমীৰ খেলপথাৰত ।
কামৰূপ মেট্ৰৰ "জিলা পৰ্যায়"ত খেলিবলগীয়া ৮ টা দল ক্ৰমে- ৱাৰিয়ৰ্ছ এফ চি ইণ্ডিয়া, ডি.বি.আই. স্পৰ্টছ ক্লাব,অসম পুলিছ,হ'ক ফুটবল একাডেমী, এ.এছ.ই.বি. স্পৰ্টছ ক্লাব,গ্ৰীণফিল্ড এফ চি,গুৱাহাটী চিটি এফ চি আৰু গীৰ্জানন্দ স্পৰ্টছ ক্লাব ।
মংগলবাৰে কামৰূপ মেট্ৰৰ উদ্বোধনী মেচত অৱৰ্তীণ হ'ল অসম পুলিছ আৰু হ'ক ফুটবল একাডেমী।
মেচৰ প্ৰাকমুহুতত গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰু বৰদলৈ ট্ৰফীৰ পতাকা উত্তোলন কৰাৰ লগতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী ,ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে জনোৱা হয় শ্ৰদ্ধা।
ইয়াৰ পাছতে ফুটবলত কিক মাৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিলে প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ আনন্দ দাসে। তদুপৰি নিমন্ত্রিত অতিথি তথা জিএছএ-ৰ সদস্যসকলে কৰমৰ্দন কৰি খেলুৱৈসকলক জনালে শুভেচ্ছা।

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ আনন্দ দাসৰ উপৰি গুৱাহাটী ক্ৰীড়া সন্থাৰ পৰা উপস্থিত থাকিল সভাপতি পৰেশচন্দ্ৰ দাস,উপ-সভাপতি ভোলা বড়ো,এল. হেমন্ত সিং,যুটীয়া সম্পাদক চাজাদ জাহিৰ হুছেইন,কোষাধ্যক্ষ কাজল পল চৌধুৰী,সহকাৰী সম্পাদক বাবলু চৌধুৰী,ফুটবল সম্পাদক এল প্ৰণৱ সিং,ক্ৰিকেট সম্পাদক নাছিৰ গুল খান আদি ব্যক্তি।

ইফালে,কামৰূপ মেট্ৰৰ "জিলা পৰ্যায়"ৰ উদ্বোধনী মেচত অসম পুলিচৰ হাতত ৭-০ গ'লৰ বৃহৎ ব্যৱধানত পৰাস্ত হয় হ'ক ফুটবল একাডেমী।
দ্বিতীয়দিনা বুধবাৰে দিনৰ ১১.৩০ বজাৰ প্ৰথমখন মেচত অৱৰ্তীণ হ'ব এ.এছ.ই.বি. স্পৰ্টছ ক্লাব আৰু গ্ৰীণফিল্ড এফ চি।
আনহাতে ,বুধাৰে দুপৰীয়া ১.৩০ বজাত গুৱাহাটী চিটি এফ চি যুঁজিব গীৰ্জানন্দ স্পৰ্টছ ক্লাবৰ বিৰুদ্ধে।

উল্লেখ্য যে, "জিলা পৰ্যায়", "ক্লাষ্টাৰ পৰ্যায়","ফাইনেল ৰাউণ্ড"কে ধৰি মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগা এইবাৰৰ প্ৰতিযোগিতাত ২৩২ টা ক্লাবৰ মুঠ ৬,৯৬০ গৰাকী খেলুৱৈ-এ খেলপথাৰত দাঙি ধৰিব দুভৰিৰ যাদু।ইফালে, "৭১ সংখ্যক বৰদলৈ ট্ৰফী" আয়োজনৰ ক্ষেত্রত সহযোগিতা কৰিছে অসম ক্ৰিকেট সন্থাই।

ক্ৰীড়া অনুৰাগীৰ আশা--সাফল্যমণ্ডিত হওঁক "৭১ সংখ্যক বৰদলৈ ট্ৰফী"। গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত তথা অসম ক্ৰিকেট সন্থাৰ সহযোগিতাত ঐতিহ্যমণ্ডিত "বৰদলৈ ট্ৰফী"লৈ উভতি আহক পূৰ্বৰ গৰিমা।


0 Comments