উমৰাংছ’ৰ এচিএ ক্ৰিকেট ষ্টেডিয়ামত ফ্লাড লাইট ব্যৱস্থাৰ উদ্বোধন

July 25, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই শনিবাৰে ডিমা হাছাওৰ উমৰাংছ’ৰ এচিএ ক্ৰিকেট ষ্টেডিয়ামত ফ্লাড লাইট ব্যৱস্থাৰ উদ্বোধনেৰে ৰাজ্যত ক্ৰিকেট আন্তঃগাঁথনি শক্তিশালী কৰাৰ পথত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰে ।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়া অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত মুখ্য অতিথি তথা ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গৰ্লোছাই এই ব্যৱস্থা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।

অত্যাধুনিক এই সুবিধাই দিন-ৰাতি ক্ৰিকেট-চৰ্চা সক্ষম কৰি, খেলুৱৈৰ প্ৰশিক্ষণৰ সুযোগ উন্নত কৰাৰ লগতে অঞ্চলটোত অধিক ঘৰুৱা আৰু প্ৰতিযোগিতামূলক ক্ৰিকেট ইভেণ্ট আয়োজনৰ পথ প্ৰশস্ত কৰিব আৰু ষ্টেডিয়ামৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । এনে ব্যৱস্থাই অসমৰ প্ৰতিটো কোণত গুণগত ক্ৰিকেটৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু খেলৰ বৃদ্ধিৰ প্ৰসাৰৰ বাবে এচিএৰ অবিৰত অংগীকাৰকে প্ৰতিফলিত কৰিছে ।

এই অনুষ্ঠানত এচিএ এপেক্স কাউন্সিলৰ সদস্য মুকুতানন্দ ভট্টাচাৰ্য, এচিএৰ প্ৰাক্তন সম্পাদক ত্ৰিদিব কোঁৱৰ, এচিএৰ প্ৰাক্তন উপ-সভাপতি পৰীক্ষিত দত্ত, স্থানীয় ক্ৰিকেট উদ্যোক্তা তথা কৰ্মকৰ্তাকে ধৰি আন বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

এই উপলক্ষে ভাষণ দি মুখ্য অতিথি তথা ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গৰ্লোছাই নগৰীয়া কেন্দ্ৰৰ বাহিৰেও আন ঠাইতো গুণগত ক্ৰিকেট আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত লোৱা অবিৰত প্ৰচেষ্টাৰ বাবে অসম ক্ৰিকেট সন্থাক প্ৰশংসা কৰে। তেওঁ আশা প্ৰকাশ কৰে যে উমৰাংছ’ৰ এচিএ ক্ৰিকেট ষ্টেডিয়ামত ফ্লাড লাইটৰ ব্যৱস্থাই অঞ্চলটোৰ ক্ৰীড়াৰ উৎকৰ্ষতাক প্ৰসাৰিত কৰাই নহয়, তাৰ লগতে ই ডিমা হাছাওৰ যুৱ ক্ৰিকেটাৰসকলকো উচ্চ পৰ্যায়লৈ আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই অসম ক্ৰিকেট সন্থাক আন এক উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণৰবাবে অভিনন্দন জ্ঞাপন কৰে ।

শইকীয়াই লগতে স্মৰণ কৰি কয় যে উমৰাংছ’ত এচিএ ক্ৰিকেট ষ্টেডিয়াম উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ ক্ৰিকেটীয় কাম-কাজ অধিক সুদৃঢ়কৈ আগবঢ়াই নিয়াৰ বাবে ফ্লাডলাইটেৰে সজ্জিত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰিছিল। ইয়াকে পৰামৰ্শ হিচাপে লৈ অসম ক্ৰিকেট সন্থাই এই প্ৰকল্পটো হাতত লৈছিল, আৰু আজি সফলতাৰে ব্যৱস্থাটো সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হয় । তেওঁ প্ৰসংগক্ৰমে বিশ্বমানৰ ক্ৰিকেটৰ আন্তঃগাঁথনি গঢ়ি তোলা আৰু সমগ্ৰ ৰাজ্যৰ খেলুৱৈসকললৈ উন্নত সুযোগ সৃষ্টিৰ বাবে থকা এচিএৰ অটল দায়বদ্ধতাকো প্ৰশংসা কৰে ।এই উপলক্ষ্যে চি ই এম একাদশ আৰু এ চি এৰ সম্পাদক একাদশৰ মাজত এখন প্ৰদৰ্শনীমূলক ক্ৰিকেট মেচৰো আয়োজন কৰা হৈছিল ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *