“অসম প্ৰিমিয়াৰ লীগ”ৰ টাইটেল স্পনছৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ

July 28, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম প্ৰিমিয়াৰ লীগৰ [এ পি এল-২০২৬] মুখ্য স্পনছৰ হ’ব ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ৷ অসম ক্ৰিকেট সন্থাই লীগৰ টাইটেল স্পনছৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰি লগতে অবগত কৰিছে যে অহা ১ আগষ্টৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’বলগা উদ্বোধনী বৰ্ষৰ এ পি এল ‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ নামেৰে পৰিচিত হ’ব ৷

এ চি এ অবগত কৰা অনুসৰি টাইটেল স্পনছৰ হিচাপে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰৰ ব্ৰেণ্ডিং লীগৰ সকলোতে দৃশ্যমান হ’ব৷ লীগত খেলিব লগা দলীয় জাৰ্চি, এ চি এ ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰসহ বাউণ্ডেৰী লাইন, গেলেৰী, সুদৃশ্য ট্ৰফী লগতে খেলৰ সম্প্ৰচাৰ আৰু ডিজিটেল প্ৰচাৰত৷ উল্লেখ্য যে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা হৈছে৷

প্ৰথমবাৰৰ বাবে অসমত হ’বলগা ২৩ দিনীয়া এই ক্ৰিকেট লীগত মুঠ ৪৩ খন মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰে ৪০ খন লীগ মেচ হোৱাৰ বিপৰীতে দুখন ছেমিফাইনেল তথা গ্ৰেণ্ড ফাইনেল৷ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ হৈছে ৰাজ্যখনৰ নিজা ফ্ৰেঞ্চাইজি টি-২০ প্ৰতিযোগিতা৷ বি চি চি আইৰ ঘৰুৱা ক্ৰিকেটৰ অভিজ্ঞ আৰু প্ৰতিভাবান নৱাগত অসমৰ ক্ৰিকেটাৰে আঠটা দলক প্ৰতিনিধিত্ব কৰি এই লীগত নিজৰ সপোন পূৰ্ণ কৰাৰ লক্ষ্যৰে খেলিবলৈ সাজু হৈছে৷

১ ৰ পৰা ২৩ আগষ্টলৈ হ’বলগা "ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ"ত প্ৰতিদ্বন্দ্বী ৮ টা দলৰ প্ৰতিটোৱে প্ৰথমে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে লীগ মেচত অংশ ল’ব৷ আনহাতে, দ্বিতীয় পৰ্যায়ত অতিৰিক্ত তিনিখন মেচ খেলিব৷ ইয়াৰ পৰাই সৰ্বাধিক পইণ্টৰ জড়িয়তে নিৰ্ণয় হ’ব ছেমিফাইনেলৰ চাৰিটা দল৷ অহা ২১ আগষ্টত দুয়োখন ছেমিফাইনেল হ’ব, যত তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানৰ দল দুটাই প্ৰথম ছেমিফাইনেল খেলাৰ বিপৰীতে শীৰ্ষস্থানত থকা দলটোৱে দ্বিতীয় ছেমিফাইনেলত চতুৰ্থ স্থানৰ দলটোৰ বিৰুদ্ধে খেলিব৷ আনহাতে, ২৩ আগষ্ট, দেওবাৰৰ ফাইনেলত নিৰ্ণয় হ’ব উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলটো৷

‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে সদায়ে সমাজ আৰু নাগৰিকক সন্মান জনাই আগবাঢ়ি যোৱাত বিশ্বাস কৰে৷ অসম প্ৰিমিয়াৰ লীাত আমি সেই দায়বদ্ধতাৰে একত্ৰিত হৈছো৷ এ পি এলৰ প্ৰতিদ্বন্দ্বী দলে নাগৰিকৰ আবেগ আৰু স্থানীয় প্ৰতিভাক প্ৰতিনিধিত্ব কৰিব৷ প্ৰতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ পৰা নৱাগতসকলে ভাৰতীয় ক্ৰিকেটৰ গৌৰৱময় যাত্ৰাত নিজৰ ভৱিষ্যত গঢ়াৰ বাবে সপোন দেখিব৷ এ পি এলত আমি টি-২০ ক্ৰিকেটৰ এটা ৰোমাঞ্চকৰ ছিজন আশা কৰিছো৷ আনহাতে, অসম ক্ৰিকেটৰ গৌৰৱক স্বৰূপাৰ্থত প্ৰতিফলিত কৰাৰ আশাৰে আমি সকলো দলক শুভকামনা জনাইছো৷’ এই মন্তব্য তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অমিত ধনুকাৰৰ৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *