“অসম প্ৰিমিয়াৰ লীগ”:বিশ্ব বিখ্যাত অসমৰ একশিঙিয়া গঁড়ৰ প্ৰতীক হিচাপে মেস্কট ‘ৰ’নী’ উন্মোচন

July 29, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অহা ১ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগা প্ৰথম ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ "অসম প্ৰিমিয়াৰ লীগ"ৰ মেস্কটৰ নাম নাম ‘ৰ’নী’৷ বিশ্ব বিখ্যাত অসমৰ একশিঙিয়া গঁড়ক প্ৰতীক হিচাপে লৈয়ে এ পি এল-২০২৬ ৰ শুভংকৰৰূপে ‘ৰ’নী’ উন্মোচন কৰা হৈছে৷

উল্লেখ্য যে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা প্ৰতিযোগিতা ৷ সেয়ে অসমৰ পৰিচয় আৰু ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত এক আইকনিক প্ৰতীক জীৱন্ত কৰি তোলাৰ লক্ষ্যৰে প্ৰতিযোগিতাখনৰ শুভংকৰৰূপে ‘ৰ’নী’ক বাচনি কৰা হৈছে৷

অসম গৌৰৱ একশিঙিয়া গঁড়ৰ পৰা অনুপ্ৰাণিত হোৱা ৰ’নীয়ে শক্তি, দৃঢ়তা আৰু অগ্ৰগতিৰ অদম্য ইচ্ছাশক্তিৰ বৈশিষ্টক এ পি এলত বাস্তবায়িত কৰি তুলিব৷ গৰ্জন, উদ্দিপনা আৰু বিজয়- এই তিনিটা দৰ্শনক একত্ৰিত কৰি ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগে খেলপথাৰলৈ প্ৰতিযোগিতামূলক মনোভাৱ আৰু নিৰ্ভীক শক্তিক প্ৰতিফলিত কৰি এ পি এল-২০২৬ক স্মৰণীয় কৰাৰ লক্ষ্য লৈছে৷

ৰ’নী নামটোৱে গঁড়ৰ ইংৰাজী শব্দ ৰাইনোৰ পৰা পোনপটীয়াকৈ আহৰণ কৰাৰ লগতে মাস্কটটোক এক সুকীয়া আৰু সমৰ্থকৰ কাষ চাপিব পৰা প্ৰতীকলৈ ৰূপান্তৰ কৰা হৈছে যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সমৰ্থকৰ সৈতে সংযোগ স্থাপন কৰিব৷ ৰ’নী সকলো স্থানতে অনুৰাগীৰ সৈতে জড়িত হোৱাৰ লগতে লীগৰ ডিজিটেল আৰু অন-গ্ৰাউণ্ড কাৰ্যকলাপত উপস্থিত থাকিব৷ তদুপৰি লীগৰ পৰিচয় গঢ়ি তোলাত অবিচ্ছেদ্য ভূমিকা পালন কৰিব৷

উল্লেখ্য যে গৰ্জনে অসমৰ ক্ৰিকেটপ্ৰেমীৰ আবেগিক কণ্ঠক প্ৰতিনিধিত্ব কৰে৷ উদ্দিপনাই দলসমুহৰ নিৰ্ভীক লক্ষ্যপ্ৰাপ্তি আৰু শক্তিৰে খেলপথাৰত নমাৰ বাস্তবিকতাক প্ৰতিফলিত কৰিছে। আনহাতে, বিজয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা খেলুৱৈক প্ৰত্যাহ৩ান অতিক্ৰম কৰা আৰু সাফল্য অৰ্জনৰ উচ্ছাকাংক্ষাক প্ৰতিফলিত কৰিব৷

একশিঙিয়া গঁড়ৰ বাছনিয়ে স্বৰূপাৰ্থত লীগ আৰু অসমৰ মাজত এক শক্তিশালী সংযোগ স্থাপন কৰিছে৷ কাৰ্যতঃ শুভাংকৰটোৱে এ পি এলক আধুনিক ক্ৰীড়া প্ৰতিযোগিতাৰ শক্তি আৰু গতিশীলতাক কঢ়িয়াই নিয়াৰ উপৰিও সমান্তৰালভাৱে ৰাজ্যৰ পৰিচয়ত শিপাই থকা এক গভীৰ পৰিচয় উদ্ভাসিত কৰিব৷ ৰ’নীয়ে স্বাভাৱিকতে প্ৰথম সংস্কৰণতে খেলুৱৈ আৰু অনুৰাগীৰ বাবে এক সজীৱ আৰু আকৰ্ষণীয় অভিজ্ঞতা সৃষ্টি কৰিবলৈ সাজু হৈছে৷ কাৰণ এ পি এলে ক্ৰিকেটৰ লগতে ৰাজ্যৰ গৌৰৱ আৰু অসমৰ ক্ৰীড়া মনোভাৱকে স্বৰূপাৰ্থত উদযাপন কৰে৷

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমত হ’বলগা ২৩ দিনীয়া এই ক্ৰিকেট লীগত মুঠ ৪৩ খন মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰে ৪০ খন লীগ মেচ হোৱাৰ বিপৰীতে দুখন ছেমিফাইনেল তথা গ্ৰেণ্ড ফাইনেল৷ একৰ পৰা ২৩ আগষ্টলৈ হ’বলগা ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত প্ৰতিদ্বন্দ্বী আঠটা দলৰ প্ৰতিটোৱে প্ৰথমে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে লীগ মেচত অংশ ল’ব৷ আনহাতে, দ্বিতীয় পৰ্যায়ত অতিৰিক্ত তিনিখন মেচ খেলিব৷ ইয়াৰ পৰাই সৰ্বাধিক পইণ্টৰ জড়িয়তে নিৰ্ণয় হ’ব ছেমিফাইনেলৰ চাৰিটা দল৷ অহা ২১ আগষ্টত দূয়োখন ছেমিফাইনেল হ’ব, যত তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানৰ দল দুটাই প্ৰথম ছেমিফাইনেল খেলাৰ বিপৰীতে শীৰ্ষস্থানত থকা দলটোৱে দ্বিতীয় ছেমিফাইনেলত চতুৰ্থ স্থানৰ দলটোৰ বিৰুদ্ধে খেলিব৷ আনহাতে, ২৩ আগষ্ট, দেওবাৰৰ ফাইনেলত নিৰ্ণয় হ’ব উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলটো৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *