"এ পি এল"ৰ অভিষেকৰ পূৰ্বে তিনিটা ফ্ৰেঞ্চাইজি দলৰ জাৰ্ছী উন্মোচন
১ আগষ্টৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ "অসম প্ৰিমিয়াৰ লীগ"।সাজু ৮ টাকৈ ফ্ৰেঞ্চাইজী দল।"ডিব্ৰুগড় ৱাৰিয়ৰ্ছ"ৰ জাৰ্ছি উন্মোচন।ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ অধিনায়ক সাহিল জৈন।"চৰাইদেউ ছানৰাইজাৰ্ছ"ৰ জাৰ্ছী মুকলি।চৰাইদেউ ছানৰাইজাৰ্ছৰ অধিনায়কৰ দায়িত্বত সুমিত ঘাদীগাওঁকাৰ।
বহু প্ৰতিক্ষাৰ অন্ত পেলাই অহা ১ আগষ্টৰ পৰা বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব "অসম প্ৰিমিয়াৰ লীগ" চমুকৈ এ পি এল-২০২৬।
আই পি এল-ৰ আৰ্হিৰে পোন প্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰথম চিজনত অংশগ্ৰহণ কৰিছে ৮ টাকৈ দল ক্ৰমে- ডিব্ৰুগড় ৱাৰিয়ৰ্ছ, চৰাইদেউ ছানৰাইজাৰ্ছ, যোৰহাট ষ্টেলিয়নছ,নগাওঁ ৰেঞ্জাৰছ,গুৱাহাটী ৰয়েলছ,বৰপেটা ব্ৰেভছ,তেজপুৰ টাইটানছ আৰু বৰাক লেজেণ্ডছ ।প্ৰথম চিজনত চেম্পিয়ন হোৱাৰ লক্ষেৰে ৰণক্ষেত্রলৈ সাজু হৈছ প্ৰতিটো দল।অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে কঠোৰ অনুশীলন।
"অসম প্ৰিমিয়াৰ লীগ"ৰ অভিষেকৰ পূৰ্বে মংগলবাৰে গুৱাহাটীৰ নভ হোটেলত আনুষ্ঠিকভাৱে জাৰ্ছি মুকলি কৰিলে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে।
লগতে সাহিল জৈনক "ডিব্ৰুগড় ৱাৰিয়ৰ্ছ"ৰ অধিনায়ক আৰু জিতুমণি কলিতাক সহ-অধিনায়ক হিচাপে ঘোষণা কৰি দিয়ে ফ্ৰেঞ্জাইজিটোৱে ।
নিলামৰ জৰিয়তে ক্ৰয় কৰা দলৰ প্ৰতিগৰাকী খেলুৱৈক চিনাকী কৰি দিলে এই অনুষ্ঠানতে।তদুপৰি কেক কাটি শুভ মুহুৰ্তটো বিশেষ কৰি তুলিলে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ সদস্যই।
জাৰ্ছি মুকলি অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ মন্ত্রীসভাৰ সদস্য ৰামেশ্বৰ তেলী,ড০ ৰূপম হাজৰিকা, ফ্ৰেঞ্জাইজিৰ স্বত্বাধিকাৰী অৰুণ কুমাৰ ৰায়,বিশিষ্ট অভিনেতা দিগন্ত হাজৰিকা,দলৰ মুখ্য প্ৰশিক্ষক ,ছাপৰ্ট ষ্টাৰ্ফ তথা খেলুৱৈসকল।
এই অনুষ্ঠানতে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ "টাইটল ছংগটো"ৰ ভিডিঅ' আৰু শ্ৰাব্যৰ মাধ্যমেৰে প্ৰদৰ্শিত কৰা হয়।প্ৰথম সংস্কৰণৰ "এ পি এল-"ৰ বাবে দলৰ প্ৰস্ততি কথা ক'লে প্ৰশিক্ষক তথা অধিনায়কে।তেওঁলোকৰ আশা -অহা ২৩ জুলাইত ফাইনেল খেলিব ডিব্ৰুগড় ৱাৰিয়ৰ্ছে।
আনহাতে,বুধবাৰে খানাপাৰাৰ গ্ৰীণউদ ৰিৰ্জটত "এ পি এল"ৰ অন্যতম দল "চৰাইদেউ ছানৰাইজাৰ্ছ"ৰ জাৰ্ছী মুকলি কৰা হয়।লগতে এই অনুষ্ঠানতে উইকেট-কীপাৰ বেটাৰ সুমিত ঘাদীগাওঁকাৰক প্ৰদান কৰা হয় অধিনায়কৰ দায়িত্ব।দলৰ নেতৃত্ব ল'বলৈ সাজু হৈছ প্ৰথম সংস্কৰণৰ "এ পি এল"ত দ্বিতীয় সৰ্বাধিক দৰ ১২ লাখ ২০ হাজাৰ টকাত নিলাম হোৱা খেলুৱৈ সুমিত ঘাদীগাওকাৰ ।জাৰ্ছি মুকলি অনুষ্ঠানত উপস্থিত থাকিল দলৰ স্বত্বাধিকাৰী ,খেলুৱৈ ,প্ৰশিক্ষকৰ লগতে দলৰ আন সহযোগী তথা কৰ্ম-কৰ্তাসকল।
ইফালে, বুধবাৰে গুৱাহাটীৰ হোটেল পেলেচিঅ'ত "তেজপুৰ টাইটানছ"ৰো জাৰ্ছি উন্মোচন কৰে ফ্ৰেঞ্জাইজীটোৱে।মুঠতে প্ৰথম সংস্কৰণৰ "এ পি এল"ৰ বাবে ৮ টা দলৰে যুদ্ধদেহিং প্ৰস্তুতি ।উদ্বোধনী চিজনৰ "অসম প্ৰিমিয়াৰ লীগ"ত কোনে খেলিব ফাইনেলৰ মহাৰণ?কোনে হাতত তুলি ল'ব "এ পি এল"ৰ চেম্পিয়নৰ ট্ৰফী।তাৰবাবে অপেক্ষা কৰিব লাগিব অহা ২৩ জুলাইলৈ ।


0 Comments