শনিবাৰৰ পৰা “অসম প্ৰিমিয়াৰ লীগ”,বানপানীৰ মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধনী সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিলে অসম ক্ৰিকেট সন্থাই

July 31, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা ‘ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ [এ পি এল-২০২৬] শনিবাৰৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’ব৷ প্ৰথম এ পি এলৰ উদ্বোধনীৰ দিনাই দুখনকৈ খেল অনুষ্ঠিত হ’ব৷ দিনৰ ২ বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া ৭ বজাত তেজপুৰ টাইটানছৰ মুখামুখি হ’ব ডিব্ৰুগড় ৱাৰিয়ৰ্ছ৷ অসম ক্ৰিকেট সন্থাই ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এ পি এলৰ উদ্বোধনী অনুষ্ঠানত ‘যন্ত্ৰ’ গ্ৰুপৰ সাংস্কৃতিক অনুষ্ঠান তথা বিহু শিল্পীৰ গীত-নৃত্যৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল যদিও বানপানীৰ মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই উদ্বোধনী সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে বুলি দেওবাৰৰ সংবাদ মেলত বি চি চি আইৰ সচিব দেবজিত শইকীয়াই ব্যক্ত কৰে৷

‘অসম ক্ৰিকেট সন্থাই দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু কষ্টৰ পাছত এ পি এল আয়োজন কৰিবলৈ ওলাইছে৷ এয়া অসমৰ ক্ৰিকেটাৰৰ সপোন সাৰ্থক হোৱাৰ এখন প্ৰতিযোগিতা৷ ৰাজ্যখনৰ প্ৰতিভাবান ক্ৰিকেটাৰসকলে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাবে সুন্দৰ প্ৰদৰ্শন কৰি অহাৰ পাছতো আই পি এল দলত আশা কৰাৰ দৰে প্ৰৱেশ পোৱা নাই৷ ইয়াৰ কাৰণ হ’ল আই পি এলৰ দৰে এখন ৰাজ্যিক লীগ অসমত নাছিল৷ বিপৰীতে অন্য ৰাজ্যৰ ক্ৰিকেটাৰে বি চি চি আইৰ প্ৰতিযোগিতাত সফল নহলেও নিজৰ ৰাজ্যিক লীগত কৰা প্ৰদৰ্শনৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ কৰিছে৷ এই দৃষ্টিকোণৰে অসমৰ ক্ৰিকেটাৰ সুন্দৰ কেৰিয়াৰৰ স্বাৰ্থ আগত ৰাখি আমি এ পি এল আয়োজন কৰিছো৷’ শইকীয়াই ব্যক্ত কৰে৷

তেওঁ লগতে জনাই যে এ পি এলৰ জড়িয়তে অসমৰ ক্ৰিকেটাৰৰ প্ৰতিভাক সমগ্ৰ দেশৰ লগতে বিশ্বই প্ৰত্যক্ষ কৰিব৷ কাৰণ লীগৰ সকলো খেল ষ্টাৰ স্পৰ্টছ ওৱান টিভি চেনেল তথা জিঅ’ হটষ্টাৰ যোগে পোনপটিয়াকৈ সম্প্ৰচাৰ হ’ব৷ ইফালে, ক্ৰিকেটাৰৰ লগতে এ পি এলত নিয়োজিত অসমৰ আম্পায়াৰ তথা অন্য কাৰিকৰী লোকসকলেও প্ৰথমবাৰৰ বাবে শিক্ষামুলক এক্সপ’জাৰ পাব৷ কাৰণ পূৰ্বে আই পি এল সদৃস খেল কোনোৱে পৰিচালনা কৰাৰ সুযোগ পোৱা নাছিল৷ এ পি এল কাৰিকৰী সকলো দিশৰ পৰাই আই পি এলৰ দৰেই আয়োজন কৰা হৈছে৷

ইফালে, ৰাজ্যৰ বান পৰিস্থিতিৰ দুখৰ সময়ত এ পি এল আয়োজন লৈ কৰা একাংশৰ সমালোচনাৰ উত্তৰ দি শইকীয়াই কয়, ‘এ চি এ লীগ পিছুৱাই দিয়াৰ বিষয়ে আলোচনা কৰিছিল৷ কিন্তু, ষ্টাৰ স্প’ৰ্টছ আৰু বি চি চি আইৰ এবছৰ পূৰ্বৰ নিৰ্ধাৰিত সূচীৰ বাবেই সেয়া অসম্ভব৷ বি চি চি আইৰ ক্ৰিকেট ছিজন আগষ্টৰ চতুৰ্থ সপ্তাহৰ পৰা আৰম্ভ হৈ পৰবৰ্তী বৰ্ষৰ মে’ মাহত অন্ত পৰে৷ এই সময়তে ঘৰুৱা প্ৰতিযোগিতা, আন্তৰ্জাতিক শৃংখলা তথা আই পি এল অনুষ্ঠিত হয়৷ সেয়ে ব’ৰ্ডে সকলো ৰাজ্যক লীগ আয়োজন কৰিবলৈ জুনৰ প্ৰথম সপ্তাহৰ পৰা আগষ্টৰ তৃতীয় সপ্তাহলৈ সময় নিৰ্ধাৰণ কৰি দিয়ে৷ একেদৰে ষ্টাৰ স্পৰ্টছক এবছৰ আগতে আগতীয়া ধন দি বুকিং কৰিব লাগে৷ টিভিত সম্প্ৰচাৰ নকৰাকৈ লীগ আয়োজন কৰিলে অসমৰ খেলুৱৈ লাভবান্বিত নহ’ব৷ আনহাতে, ৰাজ্যৰ ক্ৰিকেটাৰেও আগষ্টৰ শেষৰ পৰাই ঘৰুৱা ক্ৰিকেটত খেলিব লাগিব৷ কাৰ্যতঃ অহা বছৰ জুন-আগষ্টলৈ লীগ পিছুৱাই যাব৷’

উল্লেখ্য যে অসম ক্ৰিকেটে সদায়ে বিপদত ৰাজ্যবাসীৰ কাষত থিয় হৈ আছে৷ কৰ’নাৰ সময়ত এচিএ ষ্টেডিয়াম ৰাজ্য চৰকাৰক এৰি দিয়া এ চি এ প্ৰতিটো বানপানীৰ সময়তে অৰ্থ সাহায্য দি আছিছে৷ এ পি এলৰ দল তথা ক্ৰিকেট সংগঠকসকলেও বানাক্ৰান্ত অঞ্চললৈ গৈ সকলোধৰণৰ সাহাৰ্য প্ৰদান কৰি আছে৷ অসমৰ ক্ৰিকেটাৰৰ স্বাৰ্থতহে কঠিন পৰিস্থিতিত এ পি এল আয়োজন কৰিবলৈ সাজু হৈছে এ চি এ৷ শুক্ৰবাৰৰ সাংবাদমেলত এ চি এৰ সম্পাদক সনাতন দাস, কোষাধ্যক্ষ অনুপম ডেকা, এ পি এলৰ অধ্যক্ষ ৰাজদ্বীপ ওজাৰ লগতে এপেক্স কমিটিৰ মুকুতানন্দ ভট্টাচাৰ্য উপস্থিত থাকে৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *