অসম প্ৰিমিয়াৰ লীগ:ৰোমাঞ্চকৰ মেচত নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে এক ৰাণত জয়লাভ বৰাক লিজেণ্ডছৰ

August 2, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

বৰাক লিজেণ্ডছ দলে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] জয়ৰে অভিযান আৰম্ভ কৰিছে৷ দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ভি জে ডি পদ্ধতিৰে এক ৰাণত নগাঁও ৰেঞ্জাৰ্ছক পৰাস্ত কৰে৷ ৰোমাঞ্চকৰ মেচখনত জয়ৰ বাবে অন্তিম বলত নগাঁৱক তিনি ৰাণ প্ৰয়োজন হৈছিল যদিও দলে এক ৰাণ কৰি পৰাজয় স্বীকাৰ কৰে৷

উল্লেখ্য যে ১৬৩ ৰাণৰ বিজয় লক্ষ্য লৈ বেটিং কৰা নগাঁও ৰেঞ্জাৰ্ছ দলে ৩.১ অভাৰত এটা উইকেট হেৰুৱাই ২০ ৰাণ কৰা সময়তে বৰষুণ দিয়াত ৪৪ মিনিট খেল বন্ধ হয়৷ পাছত মেচ আৰম্ভ হোৱাত নগাঁৱৰ সন্মুখত ১৭ অভাৰত ১৪৪ ৰাণৰ নতুন বিজয়লক্ষ্য নিৰ্ধাৰণ হয়৷ কিন্তু দলে অধিনায়ক অনুৰাগ তালুকদাৰৰ ৪৯ ৰাণৰ দৃষ্টিনন্দন বেটিঙৰ পাছতো নিৰ্ধাৰিত অভাৰত পাঁচ উইকেটত ১৪২ ৰাণ কৰি পৰাজয়ৰ সন্মুখীন হয়৷ ২৬ টা বল খেলা অনুৰাগে তিনিটাকৈ ছিক্সাৰ আৰু বাউণ্ডেৰী মাৰে৷

উল্লেখ্য যে নগাঁও ৰেঞ্জাৰ্ছক অপেনাৰ ৰুহিনন্দন পেগুৱে ২৬ বলত দুটা ছিক্সাৰ আৰু চাৰিটা বাউণ্ডেৰীয়ে ৩৮ ৰাণ কৰি প্ৰত্যাশিত আৰম্ভণি দিছিল৷ আনহাতে, ২৬ ৰাণ কৰে সুমিত কাশ্যপে৷ বিপৰীতে বৰাক দলৰ মোহিত ঠাকুৰে দুটা উইকেট পায়৷

ইয়াৰপূৰ্বে টছত জয় হৈ পোনতে বেটিং কৰা বৰাক লিজেণ্ডছে নিৰ্ধাৰিত ২০ অভাৰত আঠ উইকেট হেৰুৱাই ১৬২ ৰাণ কৰে৷ দলৰ হৈ দুই অপেনাৰ বিশাল সাহা [৬৫] আৰু অমন সিঙে [৬৮] অৰ্ধশতক অৰ্জন কৰাৰ লগতে ১২৪ ৰাণৰ শতকীয় যুটী বান্ধি ইনিংছৰ দৃঢ়তাপূৰ্ণ আৰম্ভণি কৰে৷ ৫০ টা বল খেলা বিশালে তিনিটা ছিক্সাৰ আৰু পাঁচটা বাউণ্ডেৰী মৰাৰ বিপৰীতে অমনে ৪৬ টা বল খেলি চাৰিটা ছিক্সাৰ আৰু তিনিটা বাউণ্ডেৰীৰে ইনিংছৰ অন্তিম বলত আউট হয়৷

কিন্তু ১০ অভাৰতে দলীয় শতক কৰা বৰাকে ১৪ অভাৰৰ প্ৰথমটো বলত প্ৰথম উইকেটো হেৰুওৱাৰ পাছত পৰবৰ্তী আঠটা উইকেট মাত্ৰ ৩৮ ৰাণতে হেৰুৱায়৷ অধিনায়ক শিৱ শংকৰ ৰয় [৬] সহ মধ্যক্ৰমৰ সকলো বেটাৰ ব্যৰ্থ হয়৷ নগাঁৱৰ অক্ষয় ডেকাই চাৰি অভাৰত ১৬ ৰাণত তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে সুনীল লাচিত আৰু জিতু আলীয়ে দুটাকৈ উইকেট পায়৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা লীগৰ সোমবাৰে দিনৰ ২ বজাত হ’বলগা প্ৰথম খেলত চৰাইদেউ ছানৰাইজাৰ্ছে তেজপুৰ টাইটানছৰ বিৰুদ্ধে খেলিব৷ উল্লেখ্য যে চৰাউদেউ দলে জয়ৰে অভিযান কৰাৰ বিপৰীতে তেজপুৰ প্ৰথম মেচত ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে পৰাস্ত হৈছে৷ ইফালে, নিশা ৭ বজাৰ খেলত বৰপেটা ব্ৰেভছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ মুখামুখি হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *