অসম প্ৰিমিয়াৰ লীগঃৰোমাঞ্চকৰ মেচত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ জয়

August 4, 2026

K

Gogo Sports NE

APL

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অধিনায়ক শিৱ শংকৰ ৰয়ৰ দৃষ্টিনন্দন বেটিঙৰ সহায়ত বৰাক লিজেণ্ডছে ক্ৰমাগত দ্বিতীয় জয়ৰে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] শীৰ্ষত থকা দুই দল ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ সমানে চাৰি পইণ্ট অৰ্জন কৰি তালিকাৰ তৃতীয় স্থানত উপনিত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত মংগলবাৰে অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ভি জে দি পদ্ধতিৰে তিনি উইকেটত পৰাস্ত কৰে গুৱাহাটী ৰয়েলছক৷

১২৭ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি বৰাক লিজেণ্ডছে ১৭ অভাৰত পাঁচ উইকেট হেৰুৱাই ৯৫ ৰাণ কৰাৰ সময়তে বৰষুণ দিয়াত মেচ বন্ধ হয়৷ যদি তেতিয়াই খেল বন্ধ হ’লহেতেন তেন্তে ভি জে দি জড়িয়তে গুৱাহাটী দলৰ জয় নিশ্চিত আছিল৷ কিন্তু খেল আৰম্ভ হোৱাত বৰাক দলৰ সন্মুখত নতুন বিজয় লক্ষ্য হয় ১৯ অভাৰত ১১৮ ৰাণ৷ অৰ্থাৎ ১২ বলত ২৩ ৰাণ৷ সেইসময়ত ২২ ৰাণ কৰি উইকেটত থকা শিৱই দুটা অনবদ্য ছিক্সাৰ মাৰি দলক বিজয়লক্ষ্যত উপনিত কৰায়৷ অন্তিম বলত দুই ৰাণ কৰা বৰাকে ১৯ অভাৰত সাত উইকেটত ১১৮ ৰাণ কৰি ৰোমাঞ্চকৰ বিজয় লাভ কৰে৷

৩৬ বলত ৩৬ ৰাণ কৰে শিৱই৷ আনহাতে, সৌৰভ দে দুটা ছিক্সাৰসহ ২৯ ৰাণৰ অবদান আগবঢ়ায়৷ অৱশ্যে বৰষুণ দিয়াৰ আগলৈকে গুৱাহাটীৰ আয়ত্বতে মেচ আছিল৷ দলৰ অভিজ্ঞ বাওঁহতীয়া স্পীনাৰ দীপক গোঁহাইৰ যাদুকৰী বলিঙত বৰাকৰ বেটাৰে ৰাণ কৰিবলৈ সংগ্ৰম কৰিব লগা হয়৷ পাৱাৰ প্লেৰ অন্তিম অভাৰত বলিং কৰিবলৈ অহা দীপকে নিজৰ প্ৰথমটো অভাৰতে দুটা উইকেট দখল কৰি মেচ ৰয়েলছৰ নিয়ন্ত্ৰণলৈ আনে৷ চাৰি অভাৰত ১১ ৰাণ দি তিনিটা উইকেট দখল কৰে দীপকে৷

ইয়াৰপূৰ্বে টছত জয়ী হৈ শিৱ শংকৰে মেঘাছন্ন বৰ্ষাপাৰাৰ পৰিৱেশৰ সুযোগ ল’বলৈ গুৱাহাটীক বেটিং কাৰাৰ বাবে আমন্ত্ৰন জনায়৷ অধিনায়কৰ এই সিদ্ধান্ত এশ শতাংশ শুদ্ধ আছিল৷ গুৱাহাটীৰ দুই অপেনাৰ প্ৰথম দুই অভাৰতে শূণ্যত আউট হয়৷ দুই ৰাণত দুটা উইকেট হেৰুওৱাৰ পাছত কঠিন পৰিস্থিতিত বেটিং কৰিবলৈ অহা গুৱাহাটীৰ অধিনায়ক ঋষভ দাস আৰু নিবিৰ ডেকাই সাবধানে খেলি ইনিংছ আগুৱাই নিয়ে৷

উভয়ৰে মাজত ৫৮ ৰাণৰ যুটি হোৱাৰ পাছত ঋষভ ব্যক্তিগত ৩০ ৰাণত পেভিলিয়নমুখি হয়৷ ইফালে, তিনি ৰাণৰ বাবে অৰ্ধশতক বঞ্চিত হোৱা নিবিৰে ৪০ বলত ৪৭ ৰাণ কৰি দলীয় শতকৰ পূৰ্বে আউট হয়৷ ইয়াৰ পাছতে গুৱাহাটীৰ ইনিংছৰ দ্ৰুত পতন ঘটে৷ গুঞ্জন জ্যোতি ডেকাই ২২ ৰাণ কৰাৰ বাদে বাকী বেটাৰ ব্যৰ্থ হয়৷ অন্তিম পাঁচ অভাৰত গুৱাহাটীয়ে ৩৬ ৰাণ কৰি পাঁচটা উইকেট হেৰুৱায়৷

লিজেণ্ডছৰ নিয়ন্ত্ৰিত বলিঙৰ বাবে পাৱাৰ প্লেত ২৯ ৰাণ কৰা ৰয়েলছে শতক পূৰ্ণ কৰে ১৫.২ অভাৰত৷ বৰাকৰ মোহিত ঠাকুৰে চাৰি অভাৰত ১২ ৰাণ দি তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে আব্দুল আজিজ আৰু সৌৰভ দে দুটাকৈ উইকেট পায়৷ ২০ অভাৰত ন উইকেট হেৰুৱাই ১২৬ ৰাণ কৰে গুৱাহাটীয়ে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা প্ৰথম এ পি এলৰ বুধবাৰে দিনৰ দুই হ’বলগা প্ৰথম খেলত অপৰাজিত হৈ থকা দুই দল ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে তেজপুৰ টাইটানছৰ বিৰুদ্ধে খেলিব৷ দুখনকৈ মেচ খেলাৰ পাছতো উভয় দলে জয়ৰ মুখ দেখা নাই৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *