গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
গুৱাহাটী ৰয়েলছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি চাৰিখন খেলৰ পৰা ৬ পইণ্ট অৰ্জনৰে তালিকাৰ দ্বিতীয় স্থানত উপনিত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ৮ উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক৷ উল্লেখ্য যে জয়ৰ মুখ নেদেখা টাইটানছৰ এয়া ক্ৰমাগত চতুৰ্থ পৰাজয়৷
বেটিং আৰু বলিঙত সুন্দৰ প্ৰদৰ্শন কৰা গুৱাহাটী দলে ১৪৭ ৰাণৰ বিজয়লক্ষ্য মাত্ৰ ১২.৫ অভাৰত দুটা উইকেট হেৰুৱাই পূৰ্ণ কৰে৷ দলৰ হৈ দুই অপেনাৰ ৰোহিত সেন [৬৫] আৰু সঞ্জয় কুমাৰ সিঙে [৬৫] বিস্ফোৰক বেটিং কৰি অপেনিং যুটিত ১১৬ ৰাণ কৰাৰ লগতে প্ৰতিযোগিতাত এতিয়ালৈকে হোৱা খেলত পাৱাৰ প্লেত দ্ৰুত ৭৩ ৰাণ কৰাৰ সফলতা অৰ্জন কৰে৷
আনহাতে, ৩০ বলত চাৰিটা ছিক্সাৰ আৰু ছটা বাউণ্ডেৰী মাৰি ৬৫ ৰাণত আউট হোৱাৰ পূৰ্বে ৰোহিতে ২৩ বলত প্ৰতিযোগিতাৰ দ্ৰুত অৰ্ধশতকো পূৰ্ণ কৰাৰ অভিলেখ গঢ়ে৷ ৰোহিতে গুৱাহাটীৰে অধিনায়ক ঋষভ দাসৰ অভিলেখ ভংগ কৰে৷ ইফালে, আনজন অপেনাৰ সঞ্জয়ে ৩৯ টা বলৰ সন্মুখিন হৈ তিনিটা ছিক্সাৰ আৰু ছটা বাউণ্ডেৰীৰে ইনিংছটো সজায়৷ ১৫ ৰাণত অপৰাজিত হৈ থাকে ঋষভ৷
ইয়াৰপূৰ্বে টছত জয়ী হৈ টাইটানছে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও অপেনাৰ ৱাছিম আক্ৰম হক [৮২] ৰ বাদে দলৰ অন্য বেটাৰে বিশেষ অবদান আগবঢ়াব নোৱাৰিলে৷ পাঁচ অভাৰত ৩০ ৰাণত দুটা উইকেট হেৰুওৱাৰ সময়তে অলৰাউণ্ডাৰ ৱাছিমে সতীৰ্থ নিহাৰ ডেকাৰ [২০] লগত ৮২ ৰাণৰ যুটি বান্ধি তেজপুৰ দলৰ শতক পূৰ্ণ কৰে৷
কিন্তু উভয় বেটাৰ আউট হোৱাৰ পাছতে টাইটানছৰ পৰবৰ্তী চাৰিটা উইকেট ১২ ৰাণতে পতন হয়৷ ৱাছিমে ৫৪ বল খেলি সাতটা ছিক্সাৰ মাৰি স্বৰূপম পুৰকায়স্থৰ পাছতে প্ৰতিযোগিতাত দ্বিতীয় ব্যক্তিগত সৰ্বোচ্ছ ৰাণ কৰা বেটাৰৰূপে পৰিগনিত হয়৷ গুৱাহাটীৰ মৃন্ময় দত্তই ২৭ ৰাণত তিনিটা উইকেট লাভ কৰে৷
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ দেওবাৰে দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত বৰপেটা ব্ৰেভছে বৰাক লিজেণ্ডছৰ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত চৰাইদেউ ছানৰাইজাৰ্ছে নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে খেলিব৷
সংক্ষিপ্ত স্ক’ৰ
গুৱাহাটী ৰয়েলছে ৮উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক
তেজপুৰ টাইটানছ ঃ ২০ অভাৰত ১৪৬-৮ [ৱাছিম আক্ৰম হক ৮২, নিহাৰ ডেকা ২০ ; মৃন্ময় দত্ত ২৭-৩ , নিপন ডেকা ১০-১
গুৱাহাটী ৰয়েলছ ঃ ১২.৫ অভাৰত ১৪৭-২ [ৰোহিত সেন ৬৫, সঞ্জয় কুমাৰ সিং ৬৫ ; আবিৰ চক্ৰৱৰ্তী ১৬-১, ডানিছ আহমেদ ২৩-১৷


0 Comments