অসম প্ৰিমিয়াৰ লীগ,তেজপুৰ টাইটানছৰ বিৰুদ্ধে ন উইকেটত জয়লাভ যোৰহাট ষ্টেলিয়নছৰ

August 10, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৰহাট ষ্টেলিয়নছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত দ্বিতীয় জয় অৰ্জন কৰি প্লে-অফলৈ উত্তৰণৰ আশা সজীৱ কৰি ৰাখিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত সোমবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ মেচত দলে ন উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছ৷ উল্লেখ্য যে এই জয়ৰে যোৰাহাটে পাঁচখন মেচৰ পৰা পাঁচ পইণ্ট লাভ কৰাৰ বিপৰীতে সমসংখ্যক মেচ খেলা তেজপুৰৰ এয়া পঞ্চম পৰাজয়৷

একপক্ষীয় মেচখনত ষ্টেলিয়নছক সহজে বিজয়লক্ষ্যত উপনিত কৰোৱাত মুখ্য ভূমিকা লয় দলৰ অপেনাৰ এৰিক ৰয়ে৷ ৫৯ বলৰ সন্মুখিন হোৱা উইকেটৰক্ষক বেটাৰজনে পাঁচটা ছিক্সাৰ আৰু ১০ টা বাউণ্ডেৰীসহ ৯৪ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত থাকে৷ এ পি এলত এয়া এৰিকৰ প্ৰথমটো অৰ্ধশতক৷

উল্লেখ্য যে ১৬১ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰা যোৰহাটক দুই অপেনাৰ এৰিক আৰু অধিনায়ক স্বৰূপম পুৰকায়স্থই সুন্দৰ আৰম্ভণি দিয়ে৷ কিন্তু দলীয় ৬৬ ৰাণত স্বৰূপমে আঘাত পাই খেলপথাৰ ত্যাগ কৰে৷ বিপৰীতে, এৰিকে ক্ৰিজলৈ অহা ৰজবীৰ সিঙৰ [৩০] ৰ লগত ৭৭ ৰাণৰ যুটি বান্ধি মেচ দলৰ হাতলৈ লৈ আনে৷ ৰাজবীৰ আউট হোৱাৰ পাছত স্বৰূপম পুনৰ খেলিবলৈ আহি ৩৪ ৰাণত অপৰাজিত থকে৷ ১৮.১ অভাৰত এক উইকেটত ১৬২ ৰাণ কৰি হেলাৰঙে জয় অৰ্জন কৰে যোৰহাটে৷

ইয়াৰপূৰ্বে টছত জয়ী হৈ বেটিং কৰা তেজপুৰ টাইটানছে অপেনাৰ অভিজিত সিংহ ৰয়ৰ ৩৯ আৰু ডানিছ আহমেদৰ অপৰাজিত ৩৬ ৰাণৰ গুৰুত্বপূৰ্ণ অবদানৰ সহায়ত ২০ অভাৰত ছয় উইকেট হেৰুৱাই ১৬০ ৰাণ কৰে৷ অভিজ্ঞ অভিজিতে সতীৰ্থ অপেনাৰ ৱাছিম আক্ৰম [১৬] ৰ লগত ৩২ ৰাণৰ যুটি বন্ধি দলক দৃঢ় আৰম্ভণি দিয়ে৷ আনহাতে, দ্বিতীয় উইকেটত ৰৌচন তপ্নো [১৩] ৰ স’তে ২৯ তথা তৃতীয় উইকেটত নিহাৰ ডেকাৰ [১৬] লগত ২৭ ৰাণৰ যুটি বান্ধি ৰয় বিদায় লয়৷

ইফালে, ১৫ টা বল খেলা ডনিছে চাৰিটা ছিক্সাৰ মাৰি টাইটানছক সন্মানজনক স্থিতিত উপনিত কৰায়৷ অধিনায়ক আয়ুষ্মান মালাকাৰে নটা বলত ১৮ ৰাণ কৰে৷ যোৰহাট ষ্টেলিয়নছৰ সফল বলাৰজন আছিল হৃদিপ ডেকা৷ তেওঁ ২৫ ৰাণত তিনিটা উইকেট দখল কৰে৷

অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ মংগলবাৰে দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত গুৱাহাটী ৰয়েলছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত বৰপেটা ব্ৰেভছে যোৰহাট ষ্টেলিয়নছৰ বিৰুদ্ধে খেলিব৷

সংক্ষিপ্ত স্ক’ৰ ঃ
যোৰহাট ষ্টেলিয়নছে ন উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক

তেজপুৰ টাইটানছ ঃ ২০ অভাৰত ১৬০-৬ অভিজিত সিংহ ৰয় ৩৯, ডানিছ আহমেদ ৩৬, আয়ুষ্মান মালাকাৰ ১৮ ; হৃদীপ ডেকা ২৫-৩ , অভিলাস গগৈ ২৫-১৷

যোৰহাট ষ্টেলিয়নছ ঃ ১৮.১ অভাৰত ১৬২-১ এৰিক ৰয় অপঃ ৯৪, স্বৰূপম পুৰকায়স্থ অপঃ৩৪, ৰজবীৰ সিং ৩০ ; আয়ুষ্মান মালাকাৰ ৩৪-১৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *