গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
শুভম গুপ্তাৰ ঘাতক বলিং আৰু সৌৰভ দিহিঙিয়াৰ অপৰাজিত দৃঢ়তাপূৰ্ণ অৰ্ধশতকীয় ইনিংছৰ সহায়ত বৰপেটা ব্ৰেভছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ মংগলবাৰে নিশা অনুষ্ঠিত মেচত ৮ উইকেটত যোৰহাট ষ্টেলিয়নছক পৰাস্ত কৰি ৬ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানলৈ উত্তৰণ কৰিছে৷ ইফালে, পৰাজয়ৰ বাবে চতুৰ্থ স্থানত থকা যোৰহাটৰ এটা স্থানলৈ অবনমিত হয়৷
বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ১২৫ ৰাণৰ বিজয়লক্ষ্য ব্ৰেভছে ১৬.৩ অভাৰতে দুটা উইকেট হেৰুৱাই পূৰ্ণ কৰে৷ দলৰ হৈ অপেনাৰ সৌৰভে ৪৮ বলত চাৰিটা ছিক্সাৰসহ ৬৪ ৰাণ কৰাৰ বিপৰীতে দ্বিতীয় উইকেটৰ যুটিত প্ৰাঞ্জল পলৰ [৪০] লগত ১০৩ ৰাণ সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ দুই পইণ্ট অৰ্জন কৰাত মুখ্য ভূমিকা লয়৷
ইয়াৰপূৰ্বে প্ৰথমে বেটিং কৰা যোৰহাট ষ্টেলিয়নছে ইনিংছৰ প্ৰথম অভাৰৰ পৰাই ধাৰাবাহিকৰূপত উইকেট হেৰুৱাই ২০ অভাৰত ছয় উইকেটৰ বিনিময়ত ১২৪ কৰে৷ ব্ৰেভছৰ নিয়ন্ত্ৰিত বলিঙৰ বিৰুদ্ধে ৰাণ কৰিবলৈ ষ্টেলিয়নছৰ বেটাৰে সংগ্ৰাম কৰিব লগা হয়৷ অধিনায়ক স্বৰূপম পুৰকায়স্থই [৫০] অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে মনোজ বৰ্মনে ৩৫ আৰু নিহাৰ নৰহে অপৰাজিত ২৫ ৰাণ কৰে৷ ব্ৰেভছৰ শুভম গুপ্তাই ২৮ ৰাণত চাৰিটা উইকেট দখল কৰে৷ মুঠ ১৩ টা উইকেট লাভ কৰা শুভমে বেগুনীয়া টুপীৰো গৰাকী হয়৷
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ বুধবাৰে দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু নগাঁও ৰেঞ্জাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত তেজপুৰ টাইটানছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলিব৷
সংক্ষিপ্ত স্ক’ৰঃ
বৰপেটা ব্ৰেভছে আঠ উইকেটত পৰাস্ত কৰে যোৰহাট ষ্টেলিয়নছক
যোৰহাট ষ্টেলিয়নছঃ ২০ অভাৰত ১২৪-৬ [স্বৰূপম ৫০, মনোজ ৩৫, নিহাৰ অপঃ২৫ ; শুভম ২৮-৪ , ৰাজেশ ২০-১]৷
বৰপেটা ব্ৰেভছঃ ১৬.৩ অভাৰত ১২২-২ [সৌৰভ অপঃ৬৪, প্ৰাঞ্জল ৪০ ; ৰেজাকুদ্দিন ১৬-১, ধ্ৰতিময় ৬-১]৷


0 Comments