অসম প্ৰিমিয়াৰ লীগ,নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে আঠ উইকেটত জয়লাভ ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ

August 12, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

ডিব্ৰুগড় ৱাৰিয়ৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ বুধবাৰে হোৱা এখন মেচত নগাঁও ৰেঞ্জাৰ্ছক ৮ উইকেটত পৰাস্ত কৰি প্লে-অফৰ দৌৰত অধিক অত্মবিশ্বাসৰে আগবাঢ়িছে৷ ৬ খন মেচৰ পৰা দলে ১০ পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয়ত থকাৰ বিপৰীতে আজিৰ পৰাজয়ৰ পাছত বাকী থকা চাৰিখন মেচ নগাঁও ৰেঞ্জাৰ্ছৰ বাবে মৰণপন হৈ পৰিল৷

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথম মেচখনত টছত জয় হৈ ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ অধিনায়ক জিতুমনি কলিতাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ অধিনায়কৰ এই সিদ্ধান্ত এশ শতাংশই সঠিক আছিল৷ দলৰ প্ৰতিজন বলাৰে সঠিক লাইন তথা মিতব্যয় বলিং কৰি নগাঁও ৰেঞ্জাৰ্ছক ১১০ ৰাণতে বান্ধি ৰাখে৷ মেচৰ শ্ৰেষ্ঠ সিদ্ধাৰ্থ বৰুৱাই চাৰি অভাৰত ১৫ ৰাণত তিনিটা উইকেট পায়৷

প্ৰথম অভাৰতে উইকেট হেৰুওৱা ৰেঞ্জাৰ্ছৰ জিতু আলী [৪২] আৰু অনুৰাগ তালুকদাৰৰ [২৬] ৰ বাহিৰে কোনো এজন বেটাৰে উইকেটত থিয় হৈ থাকিব নোৱাৰিলে৷ জিতুৱে দ্বিতীয় উইকেটত সৌম্যদ্বীপ দাসৰ লগত ২৪ আৰু তৃতীয় উইকেটত অনুৰাগৰ লগত ৫২ ৰাণৰ যুটি বান্ধি দলীয় স্ক’ৰ ৭৬ ত আউট হোৱাৰ পাছতে নগাঁৱৰ ইনিংছৰ বিপদ ঘণ্টা বাজি উঠে৷ ২০ অভাৰত ১১০ ৰাণত দলে ইনিংছ সামৰে৷

ইফালে, সহজ লক্ষ্য অনুসৰণ কৰি ডিব্ৰুগড় ৱাৰিয়ৰ্ছে ১৭.৩ অভাৰত দুই উইকেটত ১১৪ ৰাণ কৰি জয় অৰ্জন কৰে৷ অপেনাৰ দিবিজ পাঠকে অপৰাজিত ৬৪ ৰাণ কৰি দলক হেলাৰঙে বিজয়লক্ষ্যত উপনিত কৰায়৷ আনহাতে, ৰিতুৰাজ বিশ্বাসে ৩৩ ৰাণৰ অবদান দিয়ে৷ উভয়ে দ্বিতীয় উইকেটৰ যুটিত ৮৪ ৰাণ কৰে৷

সংক্ষিপ্ত স্ক’ৰঃ
ডিব্ৰুগড় ৱাৰিয়ৰ্ছে আঠ উইকেটত পৰাস্ত কৰে নগাঁও ৰেঞ্জাৰ্ছক

নগাঁও ৰেঞ্জাৰ্ছঃ ২০ অভাৰত ১১০-১০ [জিতু আলী ৪২, অনুৰাগ তালুকদাৰ ২৬ ; সিদ্ধাৰ্থ বৰুৱা ১৫-৩ , ৰোছন আলম ১৬-১৷

ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ১৭.৩ অভাৰত ১১৪-২ [দিবিজ পাঠক অপঃ৬৪, ৰিতুৰাজ বিশ্বাস ৩৩ ; সুনীল লাচিত ১৭-১৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *