অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছঃবংগৰ শীৰ্ষ বাচনিৰ ল’ৰা-ছোৱালীক বিদায় দি অসমৰ আৰুশ-মৃগাক্ষীৰ চমক

August 12, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসমৰ অৰুশ দাস আৰু মৃগাক্ষী চাংমাইয়ে চমক সৃষ্টি কৰি গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ১৬ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালীৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ বুধবাৰে হোৱা কোৱাৰ্টাৰ ফাইনেলত অষ্টম বাচনিৰ আৰুশে শীৰ্ষ বাচনিৰ বংগৰ হাবিশ বানচালক ৬-০, ৬-৭, ৬-১ ৰ ব্যৱধানত পৰাস্ত কৰে৷ একেদৰে ছোৱালীৰ শীৰ্ষ বাচনিৰ বংগৰ আনিয়া বিশ্বাসক অসম কন্যা মৃগাক্ষীয়ে ৬-০, ৬-১ ৰ পোনপটিয়া ব্যৱধানত হৰুৱাই আন এক চাঞ্চল্য সৃষ্টিৰে ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷

অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বুধবাৰে ল’ৰা আৰু ছোৱালীৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ দুয়োটা শাখাৰে এককৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচসমুহ অনুষ্ঠিত হয়৷ অসমৰ নিব্ৰাছ হুছেইনে দূয়োটা শাখাৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ নিব্ৰাছে ১৪ অনুৰ্ধৰ মেচত মিজোৰামৰ ছাইলোক পৰাস্ত কৰাৰ বিপৰীতে ১৬ বছৰ অনুৰ্ধৰ খেলত মহাৰাষ্ট্ৰৰ অনিৰুদ্ধক হৰুৱায়৷ ১৬ অনুৰ্ধৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত সপ্তম বাচনিৰ অসমৰ চান্দোগ্য টি পাঠকে মহাৰাষ্ট্ৰৰ তৃতীয় বাচনিৰ প্ৰনবক পৰাস্ত কৰে৷

একেদৰে ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ কোৱাৰ্টাৰত অসমৰ কৃষ্টি হালৈয়ে তৃতীয় বাচনিৰ মহাৰাষ্ট্ৰৰ জানিছাক পৰাস্ত কৰে যদিও ১৪ অনুৰ্ধত পৰাজয়ৰ সন্মুখিন হয়৷ ইফালে, ৰাজ্যৰ আন এগৰাকী প্ৰতিভাবান খেলুৱৈ ফাগুন জ্যোতিয়ে ১৬ অনুৰ্ধ কোৱাৰ্টাৰত পৰাস্ত হ’লেও মহাৰাষ্ট্ৰৰ জানিছাক পৰাস্ত কৰি ১৪ অনুৰ্ধৰ ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷ আনহাতে, ল’ৰাৰ ১৪ অনুৰ্ধৰ ছেমিফাইনেলত দ্বিতীয়জন অসমৰ খেলুৱৈৰূপে ঈশানদ্বীপ বড়োই যোগ্যতা অৰ্জন কৰিছে৷

ইফালে, ১৬ অনুৰ্ধৰ ল’ৰাৰ ডাবলছ শাখাত অসমৰ যুটি জ্যোতিষ্মান কাশ্যপ আৰু ধৃতিস্মান ৰয় ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগতে নিব্ৰাছে মহাৰাষ্ট্ৰৰ প্ৰনৱৰ লগত যুটি বান্ধি অন্তিম চাৰিত প্ৰৱেশ কৰে৷

অসম টেনিছ সন্থাৰ সম্পাদক তথা প্ৰতিযোগিতাৰ সঞ্চালক অংকুশ দত্তই জনোৱা অনুসৰি সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] ৰ স্বীকৃত ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনৰ সকলো ছেমিফাইনেল তথা ডাবলছৰ ফাইনেল কাইলৈ অনুষ্ঠিত হ’ব৷ আনহাতে, অহা ১৪ আগষ্টত প্ৰতিযোগিতাখন সামৰণি পৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *