গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ ২০২৬–২৭ ছিজনৰ জে কে বৰুৱা (অনুৰ্ধ-১৯ বছৰ ) ট্ৰফী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা অহা ১৮ আগষ্টৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হ’ব ।
সেই অনুসৰি অংশগ্ৰহণকাৰী জিলা দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে-"এলিট গ্ৰুপ" আৰু "প্লেট গ্ৰুপ" । ৰেংকিং আৰু নেট ৰাণ ৰেট (এন আৰ আৰ)ৰ ওপৰত ভিত্তি কৰি পূৰ্বৰ ছিজন (২০২৫–২৬)ৰ শীৰ্ষ ১৬ টা দলেৰে গঠিত হ’ব এলিট গ্ৰুপ । আনহাতে বাকী ২৯টা দলে প্লেট গ্ৰুপৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।
এলিট শাখাত চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে ।
চাৰিটা স্থানত মেচ অনুষ্ঠিত হ’ব- মঙলদৈ এছ.এ. , বৰপেটা ডি এছ এ, গোলাঘাট ডি এছ এ আৰু ডিব্ৰুগড় ডি এছ এৰ উদ্যোগত ।
"এ" গ্ৰুপতঃ( মঙলদৈ এছ.এ)- গুৱাহাটী, শ্ৰীভূমি, ৰঙিয়া আৰু ধুবুৰী ।
"বি" গ্ৰুপতঃ( বৰপেটা ডি এছ এ) -হাইলাকান্দি, তেজপুৰ, সভাপতি একাদশ আৰু বৰপেটা
"চি" গ্ৰুপতঃ(গোলাঘাট ডি এছ এ)- নাজিৰা, মাৰ্ঘেৰিটা আৰু নগাঁও
"ডি" গ্ৰুপতঃ (ডিব্ৰুগড় ডি এছ এ)- ডিব্ৰুগড়, নাহৰকটীয়া, বিশ্বনাথ আৰু ধেমাজি ।
প্লেট শিতানত ছটা মণ্ডল থাকিব- ৰঙিয়া ডি এছ এ ( সদৰ মণ্ডল ),
মৰিগাঁও ডি এছ এ (মধ্য অসম মণ্ডল),
ডিমা হাচাও ডি এছ এ -উমৰাংছ’ খেলপথাৰ
( দক্ষিণ অসম মণ্ডল),
কাৰ্বি আংলং ডি এছ এ - ডিফু ( উজনি অসম মণ্ডল),
গুৱাহাটী এছ এ (উত্তৰ অসম মণ্ডল) আৰু
ধুবুৰী ডি এছ এ ( নামনি অসম মণ্ডল ) ।
ৰঙিয়া ডি এছ এৰ সৌজন্যতঃ(মুখ্য মণ্ডল) চিৰাং, তামুলপুৰ, সম্পাদক একাদশ, এন এফ ৰেলৱে আৰু গোৱালপাৰা ।
মৰিগাঁও ডি এছ এৰ সৌজনতঃ (মধ্য অসম মণ্ডল)তিতাবৰ, কলিয়াবৰ আৰু মৰিগাঁও ১ নং গ্ৰুপত আৰু ২নং গ্ৰুপত বোকাখাত, হোজাই আৰু পশ্চিম কাৰ্বি আংলং ।
ডিমা হাচাও ডি এছ এৰ (উমৰাংছ’খেলপথাৰ) সৌজন্যত উজনি অসম মণ্ডলঃ শিলচৰ, কাৰ্বি আংলং, লখিমপুৰ আৰু ডিমা হাচাও ।
কাৰ্বি আংলং ডি এছ এৰ সৌজন্যত (ডিফু) উজনি অসম মণ্ডলঃশিৱসাগৰ, যোৰহাট, তিনিচুকীয়া আৰু চৰাইদেউ ।
গুৱাহাটী এছ এৰ সৌজন্যত উত্তৰ অসম মণ্ডলঃ উদালগুৰি, মঙলদৈ, মাজুলী আৰু লখিমপুৰ।
ধুবুৰী ডি এছ এৰ সৌজন্যত নামনি অসম মণ্ডলৰ গ্ৰুপ ১ত বঙাইগাঁও, বজালী আৰু বিলাসীপাৰা; ২ নং গ্ৰুপত কোকৰাঝাৰ, নলবাৰী আৰু উত্তৰ শালমৰা ।
আনহাতে ১৮ আগষ্টৰ পৰা ৩১ আগষ্টলৈ এলিট গ্ৰুপৰ লীগৰ খেল অনুষ্ঠিত হ’ব । তাৰ পিছত ২০২৬ চনৰ ৩ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ চূড়ান্ত ৰাউণ্ড অনুষ্ঠিত হ’ব । ৬ ছেপ্টেম্বৰত এলিট গ্ৰুপৰ ফাইনেল অনুষ্ঠিত হ’ব । চূড়ান্ত ৰাউণ্ডৰ লগতে ফাইনেল খেল বৰপেটা ডি এছ এত অনুষ্ঠিত হ’ব ।
ইফালে গুৱাহাটী এছ. এৰ উদ্যোগত ১৮ আগষ্টত আৰম্ভ হৈ প্লেট গ্ৰুপ লীগৰ খেল ২০২৬ চনৰ ২৬ আগষ্টলৈকে চলিব । ফাইনেল অনুষ্ঠিত হ'ব অহা ১ ছেপ্টেম্বৰত ।


0 Comments