ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী চুড়ান্ত,১৭ আগষ্টত শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেড-লাজং এফ চি

August 14, 2026

K

Gogo Sports NE

গ'গ' স্পৰ্টছ এন ইৰ প্ৰতিবেদন

চলিত "১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা"ৰ গ্ৰুপৰ লীগ মেচৰ সমাপ্তিৰ পাছত এতিয়া অহা ১৬ আৰু ১৭ আগষ্টত অনুষ্ঠিত হ’ব চাৰিখন কোৱাৰ্টাৰ ফাইনেল ৷ আয়োজকে প্ৰকাশ কৰা সূচী অনুসৰি ১৬ আগষ্টত দিনৰ ৪ বজাত ৰাঁচিৰ বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত হ’বলগা মেচত এছ চি দিল্লীয়ে মনিপুৰৰ ক্লাব এফ চি ৰেংডাইৰ বিৰুদ্ধে খেলিব৷

একে দিনাই নিশা ৭ বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব৷ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনতে ১৭ আগষ্টত দিনৰ ৪ বজাত হ’বলগা মেচত সৰ্বাধিক ১৭ বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰা মোহন বাগান মুখামুখি হ’ব জামছেদপুৰ এফ চিৰ৷

ইফালে, যোৱা দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৭ আগষ্টত নিশা ৭ বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত স্থানীয় দল শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে খেলিব৷

উল্লেখ্য যে, ইষ্ট বেংগল এফ চি আৰু জামছেদপুৰ এফ চিৰ বাদে অন্য ছটা দলে নিজৰ নিজৰ গ্ৰুপত শীৰ্ষস্থান লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

ভাৰতীয় ফুটবল ইতিহাসৰ গৌৰৱময় সাক্ষী লগতে এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ সকলো খেল ‘ছ’নী টেন ৫’ ত সম্প্ৰচাৰ কৰা হৈছে৷ আনহাতে, ছনী এল আই ভি এপছতো দৰ্শকে মেচ উপভোগ কৰিব পাৰিব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *