গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অধিনায়ক শিৱ শংকৰ ৰয়ৰ বিস্ফোৰক অৰ্ধশতক তথা দৰ্শনীয় বলিঙৰ লগতে দলৰ বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ শুক্ৰবাৰে হোৱা দিনটোৰ দ্বিতীয়খন মেচত বৰাক লিজেণ্ডছে ৭৬ ৰাণত পৰাস্ত কৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছক৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা অনুষ্ঠিত মেচখনত লিজেণ্ডছে দিয়া ১৮২ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি ৱাৰিয়ৰ্ছে ১৬.৪ অভাৰত ১০৫ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে৷
ৱাৰিয়ৰ্ছৰ হৈ জয় বৰুৱাই ৩৪ ৰাণ কৰাৰ বাদে অন্য কোনো বেটাৰে দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে৷ বিপৰীতে লিজেণ্ডছৰ হৈ মোহিত ঠাকুৰে ১৭ ৰাণত তিনিটা তথা শিৱ শংকৰে এক ৰাণত আৰু ভাৰ্গব লহকৰে ২২ ৰাণত দুটাকৈ উইকেট পায়৷ উল্লেখ্য যে উভয় দলে সাতখনকৈ মেচ খেলাৰ পাছত দহ পইণ্টকৈ লাভ কৰিছে৷ কিন্তু বৰাক দলে দ্বিতীয় স্থানলৈ উত্তৰণ কৰাৰ বিপৰীতে শীৰ্ষৰ পৰা তৃতীয়লৈ অবনমিত হয় ডিব্ৰুগড়৷ আনহাতে, দহ পইণ্ট পোৱা তৃতীয়টো দল গুৱাহাটী ৰয়েলছ শীৰ্ষত আছে৷
ইয়াৰপূৰ্বে টছত জয় হৈ ৱাৰিয়ৰ্ছৰ অধিনায়ক জিতুমনি কলিতাই লিজেণ্ডছক বেটিং কৰাৰ যি সুযোগ দিছিল সেয়া দলৰ শীৰ্ষ বেটাৰসকলে সুন্দৰকৈ গ্ৰহণ কৰে৷ প্ৰথম অভাৰত বৰাকে অপেনাৰ অমন সিঙৰ উইকেটটো হেৰুৱাই যদিও ফৰ্মত থকা আনজন অপেনাৰ বিশাল সাহাই ৩৫ ৰাণ কৰাৰ লগতে শুভম মণ্ডল [৪৫]ৰ স’তে ৬৫ ৰাণৰ যুটি বান্ধে৷
উভয় বেটাৰ আগ-পিছকৈ আউট হোৱাৰ পাছত শিৱ শংকৰ আৰু সৌৰভ দে ৱাৰিয়ৰ্ছৰ বলাৰক বিধ্বস্ত কৰি ৫০ বলত ৯৩ ৰাণৰ যুটি বান্ধি নিৰ্ধাৰিত অভাৰত বৰাকৰ স্ক’ৰ পাঁচ উইকেটত ১৮১ ৰাণ কৰে৷ শিৱই ৩০ বলত ৬২ আৰু সৌৰভে ২০ বলত ৩৩ ৰাণ কৰে৷ ডিব্ৰুগড়ৰ হৈ ৰঞ্জন বিকাশ দাসে ৩৯ ৰাণত তিনিটা উইকেট পায়৷
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ ২ বজাত হ’বলগা প্ৰথমখন খেলত বৰাক লিজেণ্ডছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছ মুখামুখি হ’ব৷ ইফালে, নিশা ৭ বজাত হ’বলগা দ্বিতীয়খন খেলত গুৱাহাটী ৰয়েলছে তেজপুৰ টাইটানছৰ বিৰুদ্ধে খেলিব৷
সংক্ষিপ্ত স্ক’ৰঃ
ডিব্ৰুগড় ৱাৰিয়ৰ্ছক ৭৬ ৰাণত পৰাস্ত কৰে বৰাক লিজেণ্ডছে
বৰাক লিজেণ্ডছঃ২০ অভাৰত ১৮১-৫ [শিৱ শংকৰ ৰয় ৬২, শুভম মণ্ডল ৪৫, বিশাল সাহা ৩৫, সৌৰভ দে ৩৩ ; ৰঞ্জন দাস ৩৯-৩]৷
ডিব্ৰুগড় ৱাৰিয়ৰ্ছঃ ১৬.৪ অভাৰত ১০৫-১০ [জয় বৰা ৩৪, ৰোছন আলম ১৫ ; মোহিত ঠাকুৰ ১৭-৩, শিৱ শংকৰ ১-২, ভাৰ্গব লহকৰ ২২-২]৷


0 Comments